অসম

assam

ETV Bharat / state

সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম : ১২০ কোটি টকা উপাৰ্জনৰ বিপৰীতে খৰচ ২১০ কোটি টকা

বিজেপি চৰকাৰৰ দিনত ২০১৬-১৭ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষলৈকে পৰিবহণ নিগমৰ মুঠ আয় ৮১৩৮২.২৮ লাখ, ব্যয় ১৪১৭১২.৮৫ লাখ, লোকচানৰ পৰিমাণ ৬০৩৩০.৫৭ লাখ টকা ।

ASTC Faces Crore Annual Loss Amid Bus Maintenance Crisis
সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী : সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম । অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা এশিঙীয়া গঁড়ৰ প্ৰতীক সম্বলিত ৰঙা বাছসমূহ এতিয়া নোহোৱা হোৱাৰ উপক্ৰম হৈছে । ৰঙা ৰঙৰ শ শ অচল বাছে সম্প্ৰতি ভৰি পৰিছে মহানগৰীৰ ৰূপনগৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদ ।

অতি পৰিতাপৰ বিষয় যে বিশাল সম্পত্তি আৰু যথেষ্ট সম্ভাৱনীয়তা থকাৰ পাছতো একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে । এসময়ত অত্যন্ত লাভজনক হৈ থকা ৰাজহুৱাখণ্ডৰ এই প্ৰতিষ্ঠানটো এতিয়া অভাৱনীয় আৰ্থিক সংকটৰ গৰাহত । ফলত ৰাজহুৱাখণ্ডৰ এই প্ৰতিষ্ঠানটো সম্প্ৰতি ইতিহাস হোৱাৰ দিশত গতি কৰিছে ।

সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম (ETV Bharat Assam)

পৰিবহণ নিগমৰ গৰিষ্ঠ সংখ্যক বাছেই অচল :

শেহতীয়াকৈ অসম বিধানসভাত চৰকাৰে দিয়া তথ্য মতে, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ১,১৩২ খন বাছ আছে । কিন্তু ইয়াৰে গৰিষ্ঠ সংখ্যক বাছেই সম্প্ৰতি অচল হৈ গুৱাহাটীৰ ৰূপনগৰস্থিত চৌহদৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰি ৰৈছে । অৱশ্যে কিছু সংখ্যক বাছ মেৰামতি কৰিলে পুনৰ ৰাজপথত চলাচল কৰিব পাৰে যদিও অচল হৈ পৰা গৰিষ্ঠ সংখ্যক বাছেই সম্প্ৰতি জহি-খহি গৈছে ।

কোনোবা এখন বাছৰ যদি খণ্ড-বিখণ্ড হৈ ক'ৰবাত পৰি ৰৈছে, তেন্তে আন কিছুমান বাছ হাবি-জংঘলে সম্পূর্ণ ঢাকি পেলাইছে । গুৱাহাটীৰ ৰূপনগৰস্থিত চৌহদত শতাধিক বাছ বিকল হৈ পৰি আছে । বিধানসভাত চৰকাৰে দিয়া তথ্য অনুসৰি, নিগমৰ অধীনত সম্প্ৰতি ছয় শতাধিক বাছ চলাচল কৰি আছে । আনহাতে নিগমৰ পাঁচ শতাধিক বাছ পথত চলি থকা অৱস্থাত নাই । অৱশ্যে শতাধিক বাছৰ মেৰামতিৰ সম্ভৱ যদিও গৰিষ্ঠসংখ্যক বাছৰে মেৰামতি সম্ভৱ নহয় ।

নামতেহে চলি আছে ছয় শতাধিক বাছ :

গুৱাহাটী মহানগৰীত নিগমৰ অধীনত চলি থকা দুশখন বৈদ্যুতিক গ্ৰীণ বাছ আৰু ১০০ খন চি এন জি বাছ গুৱাহাটী স্মার্ট চিটিয়ে যোগান ধৰা । আনহাতে বিভাগে চলি থকা বুলি দাবী কৰা ৬৪৬খন বাহনৰ ভিতৰত দুই শতাধিক বাহন অইল ইণ্ডিয়া, বি চি পি এল আৰু অ’ এন জি চিৰ অধীনত চলি আছে ।

সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম (ETV Bharat Assam)

ইয়াৰ বিপৰীতে চলাচল কৰি থকা বাহনসমূহৰ পৰা লাভৰ বিপৰীতে ব্যাপক লোকচানৰহে সন্মুখীন হৈছে বিভাগ । ফলত মেৰামতি কৰিবলৈ পৰ্যাপ্ত ধনৰ অভাৱত সম্প্ৰতি চৌহদতে পচি যোৱাৰ উপক্ৰম হৈছে বাছসমূহ । এক কথাত ক'বলৈ গ'লে গুৱাহাটী স্মার্ট চিটিৰ অধীনত চলাচল হৈ থকা গ্ৰীণ বাছসমূহে যেন সম্প্ৰতি নিগমৰ অস্তিত্ব ধৰি ৰাখিছে ।

লগতে পঢ়ক :অসমত কদৰ বাঢ়িছে ইলেক্ট্রিক বাহনৰ: চাৰ্জিং ষ্টেচনৰ প্ৰস্তাৱ ফাইলতে আৱদ্ধ

আয়ৰ বিপৰীতে ব্যয়ৰ পৰিমাণ বেছি :

বিশাল ভূসম্পদ থকাৰ পাছতো ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষলৈ প্ৰায় ছশ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম । বিভাগটোৱে বছৰি গড়ে ১১৫-১২০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ বিপৰীতে ব্যয় হয় গড়ে ২০৫-২১০ কোটি টকা ।

এই লোকচানৰ পৰিমাণ হ্ৰাস কৰিবলৈ তথা এসময়ৰ লাভজনক বিভাগটো পুনৰ উজ্জীৱিত কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । যাৰ ফলত আজি এই প্ৰতিষ্ঠানটোৱে অস্তিত্বৰ সংকটত ভোগিছে । ইফালে ব্যক্তিগত খণ্ডৰ বাছসমূহে লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও চৰকাৰী খণ্ডৰ এটা বিয়াগোম বিভাগৰ অধীনত চলা বাছসমূহে লোকচানৰ সন্মুখীন হৈ অহা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে ।

পৰিবহণ নিগমৰ কৰ্মচাৰী আৰু দৰমহাৰ ব্যয় :

অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ১,৮০৩ জন । কৰ্মচাৰীসকলৰ দৰমহাৰ নামত মাহে ব্যয় হয় ৪৪৫ লাখ টকা । আনহাতে লোকচানৰ পৰা হাত সাৰিবলৈ কৰ্মচাৰীসকলক ভি আৰ এছ দিয়াৰো ব্যৱস্থা কৰিছে নিগমে । ২০২৩ চনত ১৭০ গৰাকী আৰু ২০২৪ চনত ৮৩ গৰাকী কৰ্মচাৰীক ভি আৰ এছ দিয়া হৈছে ।

পৰিবহণ নিগমৰ আয়ৰ আন উৎস :

ৰাজ্যৰ প্ৰায়বোৰ চহৰতে পৰিবহণ নিগমৰ বহু মূল্যৱান ভূসম্পদ আছে । বিধানসভাত দিয়া তথ্য অনুসৰি নিগমৰ কোনো ভূমি লীজত দিয়া হোৱা নাই। অনুজ্ঞাপত্ৰৰ ভিত্তিত ব্যৱসায়িকভাৱে মুঠ ১,৫০৯ খন সৰু-বৰ প্ৰতিষ্ঠান ব্যক্তিক অনুমতি প্ৰদান কৰা হৈছে । ইয়াৰ বাবদ নিগমে মাহে ৫৫ লাখ টকা সংগ্ৰহ কৰে । পৰিবহণ নিগমৰ প্ৰতিখন জিলাৰ মুখ্য স্থানত যথেষ্ট সম্পত্তি আছে যদিও নিগমৰ পৰিস্থিতি অতি শোচনীয় ।

১২০ কোটি টকা উপাৰ্জনৰ বিপৰীতে খৰচ ২১০ কোটি টকা (ETV Bharat Assam)

পৰিবহণ নিগমক স্বচ্ছল কৰি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা থকাৰ পাছতো কোনো উদ্যোগ গ্ৰহণ কৰা হোৱা নাই । বিশাল সম্পত্তিক কিদৰে উৎপাদক্ষম কৰি ব্যৱহাৰ কৰিব পাৰি তাৰ কোনো পৰিকল্পনা নাই ।

বিজেপি চৰকাৰৰ দিনত পৰিবহণ নিগমৰ আয়-ব্যয় :

বিজেপি চৰকাৰৰ দিনত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষলৈকে পৰিবহণ নিগমৰ আয় হৈছে মুঠ ৮১৩৮২.২৮ লাখ টকা । ইয়াৰ বিপৰীতে এই সময়ছোৱাত ব্যয় হৈছে ১৪১৭১২.৮৫ লাখ টকা । অর্থাৎ নিগমৰ লোকচানৰ পৰিমাণ হৈছে ৬০৩৩০.৫৭ লাখ টকা ।

বিধানসভাৰ তথ্য অনুসৰি, বছৰ অনুসৰি লোকচানৰ পৰিমাণ হৈছে ২০১৬-১৭ বিত্তীয় বৰ্ষত ৭৭৮৬.৫৭ লাখ টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষত ৫৩৭৪.৯৫ লাখ টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ১০১৩২.৫১৭ লাখ টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৯৭৮১.৯০ লাখ টকা, ২০২০-২১ বিত্তীয় বৰ্ষত ৮২৬৩.৮৯ লাখ টকা, ২০২১-২২ বিত্তীয় বৰ্ষত ১০,৬৫৩ লাখ টকা আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৮৩৩৭.৩০ লাখ টকা । অৰ্থাৎ প্ৰত্যেক বছৰেই নিগমে কেৱল লোকচানৰ মুখ দেখি আহিছে ।

নিগমৰ অধীনত চলা বাছ :

নিগমৰ অধীনত চলি থকা বাছসমূহৰ ভিতৰত ডিজেলচালিত বাছ হৈছে ১৬৩খন । সেইদৰে ইলেকট্ৰিক বাছ হৈছে ২০৮খন । আনহাতে চি এন জি চালিত বাছৰ সংখ্যা হৈছে ১০০খন । তদুপৰি ৰাজহুৱা প্ৰতিষ্ঠান অইল, অ' এন জি চি, বি চি পি এল আদিত চলি আছে নিগমৰ দুই শতাধিক বাছ ।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ সম্পত্তি :

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল ভূসম্পদ আৰু যথেষ্ঠ সম্ভাৱনীয়তা থকাৰ পাছতো চৰকাৰৰ সদিচ্ছা আৰু উপযুক্ত ব্যৱস্থাপনাৰ অভাৱতে ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমে । ধাৰাবাহিকভাৱে লোকচান ভৰি থকা নিগমে ধনৰ অভাৱত নিলামত দি আহিছে ইখনৰ পিচত সিখনকৈ বাছ । ইফালে ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে ৰাজ্যখনৰ জিলাই জিলাই পৰিবহণ নিগমৰ বিঘাই বিঘাই মাটি বেদখলৰ কবলত আছে ।

কেৱল সেয়াই নহয় ৰাজ্যখনৰ ৩৫টা বাছ আস্থানেই আজি অস্তিত্বহীন । এই বাছ আস্থানসমূহত থকা গৃহসমূহো হৈ পৰিছে জৰাজীৰ্ণ । অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বর্তমান ১৩০টা আস্থান আৰু উপ-আস্থান আছে যদিও ইয়াৰে ৩৫টাৰে কোনো ধৰণৰ চিন-মোকাম নোহোৱা হোৱাৰ উপক্ৰম হৈছে । এই আস্থানকেইটাৰ মাটি বেদখল হোৱাৰ লগতে কাৰ্যালয় গৃহৰো কোনো অস্তিত্ব নোহোৱা হৈ পৰিছে ।

চৰকাৰী তথ্য অনুসৰি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ নামত থকা মুঠ ভূমিৰ পৰিমাণ হৈছে ৮২২ বিঘা একঠা ৯ লেচা । এই পৰিবহণ নিগমৰ অধীনত থকা বঙাইগাঁও সংমণ্ডল, গুৱাহাটী সংমণ্ডল, উত্তৰ লখিমপুৰ সংমণ্ডল, শিলচৰ সংমণ্ডল, তেজপুৰ সংমণ্ডলৰ ৩৫টা আস্থানৰ এতিয়া কোনো অস্তিত্ব নাই তথা পৰিত্যক্ত হৈ আছে ।

তেনেদৰে ৰংজুলি, সৰভোগ, গৌৰীপুৰ, ছিপাঝাৰ, বদৰপুৰ, মৰাণ, কৰিমগঞ্জ, তেজপুৰৰ জয়মতী পথাৰকে ধৰি বহু আস্থানৰ প্ৰায় ৫০ বিঘা মাটি বেদখলকাৰীৰ কবলত । এনেদৰে চৰকাৰৰ গাফিলতি আৰু অদুৰদৰ্শীতাৰ বাবে এটা সময়ত লাভজনক হৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগম এতিয়া মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে ।

লগতে পঢ়ক :বিশাল সম্পত্তি থকাৰ পাছতো সংকটত : সাত বছৰত পৰিবহণ নিগমৰ ৬০৩.৩১ কোটি টকা লোকচান - Assam State Transport Corporation

ABOUT THE AUTHOR

...view details