অসম

assam

ETV Bharat / state

৯ ডিচেম্বৰত নতুন মন্ত্রীয়ে লাভ কৰিব দপ্তৰ, সাল-সলনি হ'ব বিভাগৰ দায়িত্ব - ASSAM MINISTER PORTFOLIO SHARING

দুদিন পিছতে নতুনকৈ শপতগ্ৰহণ কৰা ৪ মন্ত্ৰীয়ে দপ্তৰ লাভ কৰিব । বিভাগৰ দায়িত্বও সাল-সলনি হ'ব ।

Assam minister Portfolio Sharing
৯ ডিচেম্বৰত নতুন মন্ত্রীয়ে লাভ কৰিব দপ্তৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 5:41 PM IST

গুৱাহাটী :অসম মন্ত্রীসভাত নতুনকৈ স্থান পোৱা চাৰিগৰাকী মন্ত্রীক দপ্তৰসমূহ সোমবাৰে বিতৰণ কৰা হ'ব । এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে নতুন মন্ত্রীয়ে দপ্তৰ লাভ কৰাৰ লগতে পুৰণি মন্ত্রীৰ অতিৰিক্তভাৱে থকা দপ্তৰ কৰ্তন কৰা হ'ব । শনিবাৰে কলাক্ষেত্রত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে মন্ত্রী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিগৰাকী বিধায়ককে মন্ত্রিত্বৰ শপত বাক্য পাঠ কৰায় ।

৯ ডিচেম্বৰত দপ্তৰ ভাগ-বাটোৱাৰা

৯ ডিচেম্বৰত নতুন মন্ত্রীয়ে লাভ কৰিব দপ্তৰ (ETV Bharat Assam)

শপতগ্ৰহণ অনুষ্ঠানৰ পাছত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,"অসমত জিলা হিচাপত অভিভাৱক মন্ত্রী আমি দিব পৰা নাছিলো । আনহাতে বহু মন্ত্রীৰ ওচৰত অতিৰিক্ত বিভাগ আছিল । মোৰ লগতে অতিৰিক্ত বিভাগ আছে । গতিকে সকলো বিভাগে যাতে ন্যায় পাই তাৰ বাবে চাৰিগৰাকীক মন্ত্রিত্ব দিয়া হৈছে । চাৰিওজন মন্ত্রীৰ আগমনে আমাৰ মন্ত্রীসভাখন সফল কৰিব । আমি চেষ্টা কৰিছো যাতে মন্ত্রীসভাত সকলো ক্ষেত্র তথা ভাষা-ভাষী ৰাইজক স্থান দিব পাৰো । মন্ত্রী কেইজনক পৰহি দপ্তৰসমূহ দিয়া হ'ব ।"

ৰকিবুলক হুছেইনক সমালোচনা

ইফালে সাংসদ ৰকিবুল হুছেইনৰ 'ফাইল'ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "মই ভাবো যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ-ব্যৱহাৰ, চাল-চলন পৰিৱৰ্তন হ'ব লাগে । এইবিলাক কাম ২০০৯ চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল । তেতিয়া অসমত টেলিভিচন চেনেলবিলাক নতুন আছিল । চামগুৰিৰ ৰাইজে আমাক ভোট দি জয়ী কৰিছে । আমি উন্নয়নৰ কাম কৰিব লাগে । ৰাইজে আমি কাম কৰাটো বিচাৰে আৰু আমি কাম কৰি যাম ।"

লগতে পঢ়ক :১৪ৰ পৰা ১৮ হ'ল অসম মন্ত্রীসভা : মন্ত্রী হিচাপে শপতগ্ৰহণ ৪ বিধায়কৰ

ABOUT THE AUTHOR

...view details