অসম

assam

ETV Bharat / state

অসমীয়াৰ ন-খোৱা কি ! ন-চাউলেৰে হাঁহে-মাহে এসাঁজ খাই অনুভৱ কৰিলে এজাক শিক্ষাৰ্থীয়ে - NOKHOWA FESTIVAL IN ASSAM

ন-খোৱা উৎসৱৰ স'তে চিনাকী কৰাই দিয়াৰ মানসেৰে আৰু অসমীয়া সমাজৰ পৰম্পৰা ৰক্ষা কৰাৰ বাবেই যোৰহাটৰ এখন শিক্ষানুষ্ঠানে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ ।

Assamese tradition Nokhowa Festival
ন-খোৱা উৎসৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 9, 2024, 1:28 PM IST

যোৰহাট :আঘোণ মানেই শস্য-সম্ভৱা সোণোৱালী পথাৰ ৷ আঘোণ মানেই সোণগুটি চপোৱাৰ বতৰ । কেৱল সোণালী ৰঙেৰে উদ্ভাসিত হৈ পৰিছে অসমৰ আঘোণৰ পথাৰ । আঘোণৰ ভৰপূৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে চহা কৃষক-দাৱনী । আনফালে আকৌ বহু গাঁৱৰ ৰাইজে ধান চপাই নতুন ধানেৰে ন-খোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

অৱশ্যে আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ গ্ৰাম্য সমাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে এই ন-খোৱা পৰ্ব ৷ হাঁহে-মাহে নতুন ধানৰ চাউলেৰে সকলোৱে একেলগে এসাঁজ খোৱাৰ আমেজেই কিছু সুকীয়া ৷ কিন্তু আজি নৱ প্ৰজন্মৰ বহু সংখ্যকে পিছে নাজানে ন-খোৱা উৎসৱনো কি ?

ন-খোৱা উৎসৱ (ETV Bharat Assam)

সেয়ে বৰ্মানৰ নৱপ্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰীক ন-খোৱা উৎসৱনো কি, সেই বিষয়ে চিনাকী কৰাই দিয়া মানসেৰে আৰু অসমীয়া সমাজৰ পৰম্পৰা ৰক্ষা কৰাৰ বাবেই যোৰহাটৰ এখন শিক্ষানুষ্ঠানে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ । এই বিদ্যালয়খন হৈছে যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয় ।

লগতে পঢ়ক :আঘোণৰ পথাৰত এতিয়া সপোনৰ সোণগুটি বুটলিছে চহা কৃষকে

বিদ্যালয়খনৰ শিক্ষক সমাজ, ছাত্ৰ-ছাত্ৰীসকলে একগোট হৈ বিদ্যালয়তে আয়োজন কৰিছে ন-খোৱা উৎসৱৰ । ন-খোৱা উৎসৱ আয়োজনেৰে পৰম্পৰা ধৰি ৰখাৰ চেষ্টা বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ । ইফালে ন-চাউলেৰে হাঁহে-মাহে এসাঁজ খাই আনন্দত আত্মহাৰা হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকলো ।

তাপয্যপূৰ্ণ যে, যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ চৌহদত কেইবা বিঘাৰো কৃষিভূমি আছে আৰু সেই কৃষিভূমিত ছাত্ৰ-ছাত্ৰীসকলৰ সহিতে শিক্ষক সমাজে ধান খেতি কৰে ৷ ভুঁই ৰোৱাৰ পৰা ধান দোৱালৈকে সকলো কামেই কৰে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক সমাজে । এইসমূহ কাৰ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া পৰম্পৰাবোৰ বুজি উঠিব আৰু ভৱিষ্যতে ধৰি ৰাখিব পাৰিব ।

আনহাতে ছাত্ৰ-ছাত্ৰীসকলক কৃষি সম্পৰ্কে দিয়া এনে কামৰ বাবে বাবে অসম চৰকাৰে বিদ্যালয়খনক প্ৰশংসা কৰাৰ লগতে কৃষি মন্ত্ৰীগৰাকীয়ে নিজেই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ধান দোৱা পৰ্বতো অংশগ্ৰহণ কৰা দেখা গৈছিল ।

লগতে পঢ়ক :পৰম্পৰা ৰক্ষা কৰি টীয়কৰ গুৱাল গাঁৱত ন খালে ৰাইজে

লগতে পঢ়ক :এখন ভৰিৰেই কৃষিকৰ্মৰে আদৰ্শ দেখুৱাইছে খোৱাঙৰ এজন কৃষকে

ABOUT THE AUTHOR

...view details