চিৰাং, 25 জানুৱাৰী :চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাওঁ শোধনাগাৰ বিনোদন কেন্দ্ৰত আজি অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত আয়োজিত হোৱা এই অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷
এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উদ্বোধনী ভাষণত কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰম্পৰা আৰু সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াসেৰে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰিছে ৷ তেওঁ কয় যে, এই প্ৰতিযোগিতাই গ্ৰামাঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভা সমূহ আৱিস্কাৰ কৰাত সহায় কৰিব ৷ ইফালে চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত চিদলী-চিৰাং বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে সন্মানীয় অতিথিৰূপে উপস্থিত থাকি জিলা পৰ্যায়ত কৃতিত্ব অৰ্জন কৰি ৰাজ্যিক পৰ্যায়লৈ যাবলৈ সক্ষম হোৱা প্ৰতিযোগী সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷