ভট্টদেৱ ক্ষেত্ৰ, পাঠশালা : অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি পঞ্চম তথা শেষৰটো দিন । বিগত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ এই অন্তিম দিনটোত প্ৰদান কৰা হয় নিষ্ঠাৱান সংবাদকৰ্মী বঁটা । এই বঁটাত আছে এখন মানপত্ৰ, বিহুৱান, স্মৃতিগ্ৰন্থ আৰু এটা বেগ ৷
মঙলবাৰে নিষ্ঠাৱান সংবাদকৰ্মী হিচাপে ইটিভি ভাৰতৰ সাংবাদিক জীৱন গোস্বামী আৰু জাহিদুল ইছলামক অসম সাহিত্য সভাৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷
উল্লেখ্য যে বিগত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিনত সহস্ৰাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ সাহিত্য সভাৰ লগত জড়িত সদস্যসকলে পোন প্ৰথমবাৰৰ বাবে এগৰাকী আমন্ত্ৰিত ব্যক্তিৰ লগত জড়িত কৰিলে এগৰাকী প্ৰট'কল বিষয়াক ৷
আনহাতে, প্লাষ্টিকমুক্ত সাহিত্য সভা কৰি তোলাৰ সংকল্প লোৱাৰ কথা আখৰে আখৰে পালন কৰা দেখা যায় ৷ এইবাৰ চাৰিদিনত গ্ৰন্থমেলাই পাঁচ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰিছে ৷ প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে ছেল্ফি লোৱাৰ বিপৰীতে এখনকৈ হ'লেও গ্ৰন্থ ক্ৰয় কৰা দেখা গৈছে ৷
ইয়াৰ উপৰি প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰাত সহস্ৰাধিক লোকৰ অংশগ্ৰহণে অভিলেখ সৃষ্টি কৰা বুলি সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ অধিৱেশন ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদৰ্শনী উপ-সমিতিয়ে ৮৭ ফুট ব্যাসাৰ্ধৰ জাপি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ৷
তাৰ উপৰি পাঠশাল সাহিত্য সভাত প্ৰথমবাৰৰ বাবে “বিজ্ঞান মেলা’’ অনুষ্ঠিত কৰা হৈছে ৷ এই বিজ্ঞান মেলাই ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজন সাহিত্যানুৰাগীক আপ্লুত কৰি তোলা পৰিলক্ষিত হৈছে ৷
ইয়াৰ লগতে বাণিজ্য মেলাৰ বিপৰীতে 'বজালী হাট'ত বজালী অঞ্চলৰ বিভিন্ন খাদ্যসম্ভাৰ, বজালীত প্ৰস্তুত কৰা সামগ্ৰী উপলব্ধ হৈছে ৷ আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চক্ৰবেহু ৷ ইয়াত কণ কণ ল'ৰা-ছোৱালীৰ লগতে জ্যেষ্ঠ ব্যক্তিয়েও আমোদ লোৱা পৰিলক্ষিত হয় ৷ বিশেষকৈ সাহিত্য সভাৰ অধিৱেশনত এইবাৰ বিভিন্ন জাতি-জনগোষ্ঠীক একগোট কৰি জনগোষ্ঠীয় গাঁও উপস্থাপন কৰিছে ৷