গুৱাহাটী:দিল্লী বিধানসভা নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূর্বে অসমৰ মুখ্যমন্ত্রী তথা বিজেপিৰ তাৰকা প্ৰচাৰক ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দিল্লীত প্ৰচাৰ অভিযানত নামে । অসমৰ পৰা দুপৰীয়া দিল্লীত উপস্থিত হৈ দিনটোত দিল্লীৰ উত্তম নগৰ আৰু কৰোলবাগ বিধানসভা সমষ্টিত দুখন নির্বাচনী জনসভা সম্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাই । শাসনাধিষ্ঠিত আপ চৰকাৰ আৰু অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল:
দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য, "দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল ।" দেশৰ ৰাজধানীত পথৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে খেদ প্রকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে এই অঞ্চল দুটাৰ পৰা অন্যান্য স্থানসমূহলৈ যাতায়াত কৰাটো অত্যন্ত বিপজ্জনক । এই অঞ্চলৰ পথৰ সৈতে গুৱাহাটীৰ বাট-পথৰ তুলনা কৰাটো অতি হাস্যকৰ বুলিও উল্লেখ কৰে । আপৰ দিল্লী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি ড৹ শৰ্মাই প্রতিটো ক্ষেত্ৰতে চৰকাৰৰ বিফলতাৰ অভিযোগ দাঙি ধৰি অনুন্নত পথ, দূষিত বায়ু, সুৰা কেলেংকাৰী, চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু আইন-শৃংখলাৰ সমস্যাৰ কথাৰে আক্ৰমণ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভাত মন্তব্য কৰে, “অসমৰ বন্ধু-বান্ধৱীক কওঁ যে যদি দিল্লীৰ বাট-পথ চাব বিচাৰে তেন্তে লুটিয়েন্স দিল্লীত (ব্ৰিটিছ আৰ্টিটেক্ট এডউইন লুটিয়েন্সে ডিজাইন কৰা দিল্লী) ঘূৰি ফুৰিব নালাগে, বস্তিলৈ যাওক । উত্তম নগৰ ভ্ৰমণ কৰাৰ পিছত মোৰ বিষয়াসকলে কৈছে যে দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল ।”