যোৰহাট, 9 ছেপ্টেম্বৰ: ‘‘ধিংকাণ্ডৰ যদি অপৰাধীয়ে শাস্তি পাব লাগে তেন্তে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে উঠা নাৰী নিৰ্যাতনৰ অভিযোগৰো বিচাৰ হ’ব লাগিব ৷ ৰেপিষ্ট বা নাৰীৰ বিৰুদ্ধে উঠা প্ৰতিটো অভিযোগৰ উচিত তদন্ত নোহোৱা পৰ্যন্ত অসম প্ৰদেশ মহিলা কংগ্ৰেছে আন্দোলন চলাই যাব ৷’’ যোৰহাটত এই মন্তব্য কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷
অসম ৰাজ্যিক মহিলা কংগ্ৰেছ কমিটীৰ আহ্বানত যোৰহাট জিলা মহিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত শিৱসাগৰ, মাজুলী আৰু গোলাঘাট আৰু যোৰহাট জিলাৰ সহস্ৰাধিক মহিলা কংগ্ৰেছকৰ্মীয়ে সোমবাৰে যোৰহাট নগৰত নাৰীৰ ন্যায় আন্দোলন কাৰ্যসূচী অনুষ্ঠিত কৰি এক সমদল বাহিৰ কৰে ।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সৰৱ হৈ পৰে ৷ তেওঁ কয় যে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত চৰকাৰে এটা ধৰ্মৰ লোকক টাৰ্গেট কৰি ল’লে নহ’ব, সকলো অপৰাধীকে উচিত শাস্তি প্ৰদান কৰিব লাগিব ৷
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে অনলাইন ট্ৰেডিঙৰ বিষয়টোক আগলৈ আনি বাকী বিষয়বোৰ তল পেলাবলৈ চেষ্টা চলোৱা হৈছে ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি, স্মাৰ্ট মিটাৰ সংস্থাপন, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়বোৰ চুমী-বিশালৰ কাহিনীৰে তল পেলাবলৈ মুখ্যমন্ত্ৰীয়ে চেষ্টা চলাইছে বুলি অভিযোগ কৰে মীৰা বৰঠাকুৰে ৷ তেওঁ কয় যে অনলাইন ট্ৰেডিঙত একাংশই ক’লা ধন বিনিয়োগ কৰিছে ৷ এইটো ৰাজ্যৰ বিষয় নহয়, চৰকাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক, কিন্তু নাৰী নিৰ্যাতনৰ লগতে মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰ সংস্থাপন আদি বিষয়বোৰৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷
তেওঁ লগতে কয় যে এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা নিৰ্যাতনৰ সন্দৰ্ভত ৰাজ্যৰ গৃহ বিভাগ নীৰৱে আছে ৷ ‘‘পুৱা এটা ফোন আহিল, ফোনত এজনী ছোৱালীয়ে ক’লে মই এক নিৰ্যাতনৰ বলি হৈছো ৷ আপোনালোক সততে সজাগ আৰু সচেতন হৈ থাকে ৷ কিন্তু মই যে নিৰ্যাতনৰ বলি হৈ চিকিৎসাধীন হৈ আছো ইয়াৰ বিৰুদ্ধে মাত কেতিয়া মাতিব ? মই কৈছো নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকেই হওক, কংগ্ৰেছীয়েই হওক বা বিজেপিয়েই হওক শাস্তিৰ সন্মুখীন হ’ব লাগিব ৷’’ মীৰা বৰঠাকুৰে কয় ৷