অসম

assam

ETV Bharat / state

ৰাজ্য চৰকাৰে দিব আছুতীয়াকৈ গণিত শিক্ষকৰ নিযুক্তি - ASSAM TEACHERS APPOINTMENT

ৰাজ্যত শীঘ্ৰে হ'ব নতুন শিক্ষকৰ নিযুক্তি । এইবাৰ গণিতৰ শিক্ষক আছুতীয়াকৈ নিযুক্তি দিব চৰকাৰে ।

Assam Education minister
ৰাজ্য চৰকাৰে দিব আছুতীয়াকৈ গণিত শিক্ষকৰ নিযুক্তি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 3:06 PM IST

ধেমাজি : অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ । ৰাজ্যত পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব । প্ৰায় ৫ হাজাৰ শিক্ষক নিযুক্তিৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰে ।

আছুতীয়াকৈ গণিতৰ শিক্ষক নিযুক্তি

ৰাজ্য চৰকাৰে দিব আছুতীয়াকৈ গণিত শিক্ষকৰ নিযুক্তি (ETV Bharat)

ধেমাজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ৰাজ্যত প্ৰথমবাৰৰ বাবে আছুতীয়াকৈ গণিতৰ শিক্ষক নিযুক্তি দিব চৰকাৰে ৷ গুণগত শিক্ষাক আৰু উন্নত কৰিব বুলি চৰকাৰে আশা কৰিছে । ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ৰাইজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয়,"অহা বিত্তীয় বৰ্ষত আমি আছুতীয়াকৈ গণিতৰ শিক্ষক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছো । ই আমাৰ গুণগত শিক্ষাক আৰু অধিক উন্নত কৰিব বুলি আশা কৰিছো ।"

৫ হাজাৰ নতুন শিক্ষকৰ নিযুক্তি

শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা মে' মাহৰ ভিতৰত মাধ্যমিক খণ্ডত ৰাজ্যত প্ৰায় ৯ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দিবলৈ প্ৰস্তুতি চলোৱা হৈছে ৷ সেইদৰে ইয়াৰ পিছৰ বিত্তীয় বৰ্ষতে পুনৰ ৰাজ্যত প্ৰথম পৰ্যায়ত ৫ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দি শিক্ষক নাটনিৰ সমস্যা দূৰ কৰিব আৰু ইয়াৰ বাবে ৰাজকোষৰ যথেষ্ট পুঁজিৰো প্ৰয়োজন হ'ব ।

উল্লেখ্য যে ৰাজ্যত অসমীয়া মাধ্যমৰ শিক্ষাখণ্ডত গুণগত শিক্ষাৰ বাবে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু তাৰ পিছতো চৰকাৰী বিদ্যালয়সমূহত ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিছে । ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডলৈ যোৱাৰ প্ৰৱণতাও বৃদ্ধি পাই আহিছে । ৰাজ্যৰ বহু চৰকাৰী শিক্ষকে নিজৰ সন্তানক অসমীয়া মাধ্যমত নপঢ়ুৱায় ।

অভিযোগ অনুসৰি কেৱল দৰমহাৰ বাবেই চাকৰি কৰি থকাৰ ফলত বিদ্যালয়সমূহত ফলাফলো সন্তোষজনক নহয় । এনে পৰিস্থিতিত কেৱল ৰাজকোষৰ ধন ব্যয় কৰি হাজাৰ হাজাৰ শিক্ষক নিযুক্তি দি থাকিলেই চৰকাৰৰ দায়িত্ব শেষ নেকি বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷ নিযুক্তিৰ সমান্তৰালকৈ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে পদক্ষেপ ল'বলৈ চৰকাৰক আহ্বান জনাইছে সচেতন সমাজে ।

লগতে পঢ়ক :পৰম্পৰাগত হস্তীপূজাৰে কাজিৰঙাত আৰম্ভ হাতী ছাফাৰী

ABOUT THE AUTHOR

...view details