গুৱাহাটী, ১ জুন :পুনৰ জাৰি নিৰ্দেশনা । সময়মতে কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা । এই নিৰ্দেশনা জাৰি কৰা হৈছে সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দীঘলীয়া সময়ৰ বাবে একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাটো ।
নিৰ্বাচনৰ বাবে ৰাজ্যৰ চালিকাশক্তি স্বৰূপ জনতা ভৱনত মন্ত্ৰীৰ উপৰি নাছিল একাংশ বিষয়া । ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাটো পৰিচালিত হয় সচিবালয়ৰ পৰা । সেই সচিবালয়ে নিৰ্বাচনৰ বাবে একপ্ৰকাৰ উদং হৈ পৰিছিল । যাৰ ফলত সচিবালয়ৰ কৰ্মচাৰীসকলৰ উপস্থিতি আৰু প্ৰস্থানৰ ক্ষেত্রত সময়ৰ গাফিলতি হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে নিৰ্দেশনা ।
অৱশ্য এনে নিৰ্দেশনা জাৰি কৰাটো নতুন কথা নহয় । পূৰ্বেও জাৰি কৰা হৈছিল এনেধৰণৰ নিৰ্দেশনা । এইবাৰ পুনৰ অসম সচিবালয়ৰ কৰ্মচাৰীসকলে কাৰ্যালয়ত উপস্থিতি আৰু প্ৰস্থানৰ সময় অৱমাননা কৰাৰ কথা সাধাৰণ প্ৰশাসন জ্ঞাত হোৱাৰ পাচত নির্দিষ্ট সময় মানি চলিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।
সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে অসম সচিবালয়ৰ একাংশ কৰ্মচাৰীয়ে সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱাৰ ফলত মসৃণভাৱে চৰকাৰী কাম-কাজ চলাত ব্যাঘাত জন্মে । সকলো বিষয়া-কৰ্মচাৰীক পুৱা ৯.৩০ বজাৰ ভিতৰত উপস্থিত হৈ পুৱা ৯.৪৫ বজাৰ ভিতৰত অসম সচিবালয়ত স্থাপন কৰা মুখমণ্ডল চিনাক্তকৰণ উপস্থিতিৰ ব্যৱস্থা (এফ আৰ এ এছ) ব্যৱহাৰ কৰি নিজৰ উপস্থিতি পঞ্জীয়ন কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগে নির্দেশ দিছে ।