অসম

assam

ETV Bharat / state

আত্মনিৰ্ভৰ অসম : ২৫,২৩৮ গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তি বিতৰণ মুখ্যমন্ত্ৰীৰ - Atmanirbhar Assam 2024 - ATMANIRBHAR ASSAM 2024

CM’s Atmanirbhar Asom Abhijan: আনুষ্ঠানিকভাৱে মুকলি হ’ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি । খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰে আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন । ২৫,২৩৮ গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তিৰ ধন বিতৰণ ৷

CM’s Atmanirbhar Asom Abhijan
২৫,২৩৮গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তি বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 30, 2024, 7:44 PM IST

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নিৰ্বাচিত ২৫,২৩৮ গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তি হিচাপে ৭৫ হাজাৰ টকাকৈ মুঠ ৫১০ কোটি টকা সোমবাৰে বিতৰণ কৰা হয় । গুৱাহাটীৰ খানাপাৰা খেলপথাৰত আয়োজিত এক অনুষ্ঠানত উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তিৰ ধন বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

অনুষ্ঠানত ভাষণ দি শৰ্মাই কয়, "ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যৰে আমি আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান হৈছে অসমত যুৱ-উদ্যোগীক সমৰ্থন কৰাৰ বাবে আমাৰ আটাইতকৈ বৃহৎ প্ৰয়াস ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

২০২১ চনত আমি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ যুৱক-যুৱতীসকলক দুটা প্ৰতিশ্ৰুতি দিছিলো । প্ৰথম প্ৰতিশ্ৰুতি আছিল ১ লাখ চৰকাৰী চাকৰি প্রদান আৰু দ্বিতীয়টো আছিল ২ লাখ যুৱ উদ্যোগীক উদগনিৰে আমি ৰাজ্যত এক ঔদ্যোগিক পৰিৱেশ সৃষ্টি কৰা । যোৱা ৩ বছৰত আমি দুয়োটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছো ।"

তেওঁ আৰু কয়, "বিগত বছৰৰ ২৩ ছেপ্টেম্বৰত আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিখনৰ শুভাৰম্ভ কৰিছিলো আৰু প্ৰাৰ্থীসকলে আবেদন দাখিল কৰিব পৰাকৈ এটা প’ৰ্টেল কৰিছিলো । প'ৰ্টেলযোগে ১,০৪,০৯১গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু আজি আমি প্রথম পর্যায় হিচাপে তাৰে ২৫,০০০ গৰাকীক সাহায্য ৰাশি প্ৰদান কৰিলো ।"

মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এই দুই লাখ টকাৰ একলাখ টকা ওভতাই দিব নালাগে । পাঁচবছৰ পিছত বাকী এক লাখ টকা সৰু সৰু কিস্তিত ওভতাই দিলে হ'ল । অসমত তিনিদিন জিলাই জিলাই প্ৰশিক্ষণ দিম ।

১০ নৱেম্বৰত আকৌ ২৫ হাজাৰ টকা তেওঁলোকৰ বেংক একাউণ্টত ভৰাই দিম । এই আঁচনি সফল হ'লে অহা বছৰ পুনৰ এক লাখ যুৱক-যুৱতীক সামৰি লোৱা‌ হ'ব । প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ এইসকলক সংযুক্ত কৰিব পাৰো তাৰ লক্ষ্য লৈ অসম চৰকাৰে কাম কৰি আছে ।"

লগতে পঢ়ক:প্ৰিয়ংক খাৰ্গেক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ: আপুনি সংবেদনশীল হ'ব লাগে - Priyank Kharge Controversy

সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ - Assam CM on NRC

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প নিবিচাৰে নেকি প্ৰিয়াংক খাৰ্গেই ? প্ৰদ্যুৎ বৰদলৈক ক’লে কংগ্ৰেছ নেতাগৰাকীয়ে - Priyank Kharge Controversy

ৰাজ্যত ৩৯ খন সম-জিলা আৰু সদৰ ঠাই ঘোষণা ৰাজ্য চৰকাৰৰ - Xama Zilla in Assam

ABOUT THE AUTHOR

...view details