অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ : জনালে অসমৰ বান পৰিস্থিতিৰ কথা - Himanta Biswa Sarma

Assam flood situation : নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ ৷ অসমৰ বান পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 3:52 PM IST

Assam flood situation
প্ৰধানমন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM X Account)

গুৱাহাটী, 22 জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ নতুন দিল্লীত সোমবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আন বিষয়ৰ লগতে ৰাজ্যখনৰ বান পৰিস্থিতি সম্বন্ধেও অৱগত কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে- “আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশিস আৰু মার্গ দর্শন লাভৰ উদ্দেশ্যৰে এক সাক্ষাতত মিলিত হৈ ধন্য হ’লোঁ ৷”

তেঁও লগতে লিখিছে- “আমাৰ বৈঠকত মই তেখেতক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰো আৰু আমাৰ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেখেতৰ আগত উল্লেখ কৰো ৷ তদুপৰি সাক্ষাৎকালত ৰাজ্যত চলিত উন্নয়নমূলক কামসমূহৰ স্থিতিৰ বিষয়েও আলোচনা কৰা হয় ৷” লগতে, অসমৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী মোদীক ঐতিহাসিক তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে বুলি জনাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, সোমবাৰৰ পৰা 3 দিনীয়া চৰকাৰী কাৰ্যসূচীৰে নতুন দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে নিশা নতুন দিল্লীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দিনৰ 11 বজাত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব বুলি সদৰী কৰিছিল ৷ ইয়াৰ পাচতে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নৰেন্দ্ৰ মোদীক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰে ৷

প্ৰধানমন্ত্ৰীৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিব ৷ আন আন বিষয়ৰ লগতে এন আৰ চি প্ৰসংগতো গৃহমন্ত্ৰীৰে আলোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও আন আন বিভাগৰ ভালেকেইজন মন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বানৰ ক্ষয়-ক্ষতি অৱগত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - HBS will meet PM Modi

ABOUT THE AUTHOR

...view details