অসম

assam

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 3:22 PM IST

ETV Bharat / state

ধলাত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

Distributes Land Pattas : ধলাত শদিয়া বিধানসভা সমষ্টিৰ মিছন বসুন্ধৰা ২.০ ৰ অধীনত মাটিৰ পট্টা প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ শদিয়া সমষ্টিৰ ১২ হাজাৰ লোকক মাটিৰ পট্টা বিতৰণ ৷

Distributes Land Pattas
মুখ্যমন্ত্ৰীৰ ভূমি পট্টা বিতৰণ

ধলাত ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

তিনিচুকীয়া, 23 ফেব্ৰুৱাৰী : ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ পট্টা প্ৰদান প্ৰক্ৰিয়া ৷ ইয়াৰ যোগেদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰিছে চৰকাৰে ৷ এই উপলক্ষে আয়োজিত হোৱা অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূমিহীন খিলঞ্জীয়াক বিতৰণ কৰিছে মাটিৰ পট্টা ৷ আজি তিনিচুকীয়া জিলাৰ ধলাতো অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ পট্টা প্ৰদান কাৰ্যসূচী ৷ শদিয়া বিধানসভা সমষ্টিৰ ভূমিহীনসকলক বসুন্ধৰা ২.০ ৰ অধীনত মাটিৰ পট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মাটিৰ পট্টা বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শদিয়া সমষ্টিৰ প্ৰায় 12 হাজাৰ লোকক মাটিৰ পট্টা বিতৰণ কৰাৰ লগতে তিনিচুকীয়া জিলাখনত মুঠ 35 হাজাৰ লোকে মাটিৰ পট্টা লাভ কৰিছে বুলি সদৰী কৰে ৷ ইফালে মিছন বসুন্ধৰা ২.০ ত যিসকল বাদ পৰিছে সেইসকলে বসুন্ধৰা ৩.০ ত মৰাণ, মটককে আদি কৰি থলুৱা লোকসকলে কোনো নথি-পত্ৰ নোহোৱাকৈয়ে মাটিৰ পট্টা লাভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ আনহাতে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াক কৃপণালি নকৰি হাত ঢিলা কৰিবলৈ মঞ্চতে আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উক্ত অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত স্বপ্নীল পালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷


লগতে পঢ়ক :মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজিবাসীয়ে লাভ কৰিলে ভূমিৰ অধিকাৰ

ABOUT THE AUTHOR

...view details