অসম

assam

ETV Bharat / state

মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - CONGRESS WORKER MRIDUL ISLAM DEATH

অসম কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত অংশ লোৱা কংগ্ৰেছ নেতা মৃদুল ইছলামৰ অস্বাভাৱিক মৃত্যু ৷ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷

Assam CM declared investigation on Congress worker Mridul Islam Death
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 5:28 PM IST

গুৱাহাটী :কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুক লৈ তদন্ত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে সামাজিক মাধ্যম X যোগে শেহতীয়াকৈ চাৰিদিনীয়া ভূটান ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে এই কথা । লগতে মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা যে এতিয়াৰে পৰা ৰাজভৱনৰ সন্মুখত কোনো প্ৰতিবাদৰ অনুমতি দিয়া নহ’ব ।

উল্লেখ্য যে বুধবাৰে অসম কংগ্ৰেছৰ ‘‘ৰাজভৱন চলো’’ কাৰ্যসূচীত ৰাজভৱনৰ সন্মুখত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতেই মৃত্যু হৈছিল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে আৰক্ষীয়ে মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত নিজাববীয়া এফ আই আৰ পঞ্জীয়ন কৰিব ৷ ইয়াৰ উপৰিও প্ৰতিবাদৰ সময়ৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনা কৰি ঘটনাৰ সম্যক তদন্ত কৰিব আৰক্ষীয়ে ।

ৰাজভৱনৰ সন্মুখত হোৱা বুধবাৰৰ পৰিৱেশৰ বাবে কংগ্ৰেছকে একপ্ৰকাৰ জগৰীয়া কৰি নিজৰ X হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে -

“ৰাজ্যপালৰ প্ৰতিষ্ঠান দলীয় ৰাজনীতিৰ উৰ্ধত । কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলায় আৰু সমীপত বিশৃংখলতাৰ সৃষ্টি কৰে ।''

লগতে পঢ়ক :কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ?

লগতে পঢ়ক :কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই

সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই X ত ঘোষণা কৰে, "আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰি ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ সম্যক তদন্ত কৰিব । এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনোধৰণৰ বিক্ষোভৰ অনুমতি দিয়া নহ’ব । ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকা আবণ্টন দিয়া হৈছে ।"

বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছ দলে আদানীৰ দুৰ্নীতি, অসমত গাঁৱৰ ৰাইজক স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠনৰ বিৰুদ্ধে আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াইছিল ৷ নিৰস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদীসকলে ৰাজভৱনলৈ যাওতে আৰক্ষীয়ে বাধা দিয়ে প্ৰতিবাদকাৰীক ৷ আৰক্ষীয়ে অতি ওচৰৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতেই কংগ্ৰেছ কৰ্মী, অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হয় ৷

মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি যায় । ৰাহুল গান্ধী, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আদিয়েও ৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোক লৈ সৰৱ হৈ পৰে । যাৰ ফলত কিছু অস্বস্তিত পৰে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ । তাৰ পিছতেই সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা । লগতে ৰাজভৱনৰ সমীপত প্ৰতিবাদ নিষিদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

লগতে পঢ়ক :সষ্টম আৰক্ষী ! দিছপুৰৰ কোনো স্থানত সমবেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 'হত্যাকাৰী' আখ্যা লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details