গুৱাহাটী :অসমীয়া ভাষাক সন্মানীয় ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে এক অনুষ্ঠানত বক্তব্য প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে শ্বেখাৱত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োকে ধন্যবাদ জ্ঞাপন কৰে ।
"শ্বেখাৱতজীয়ে (গজেন্দ্ৰ সিং শ্বেখাৱত) অসমৰ বাবে দুটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিছিল... তেওঁৰ প্ৰচেষ্টা আৰু প্ৰতিনিধিত্বৰ বাবেই ইউনেস্কোৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰিছিল । মই অসমৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গজেন্দ্ৰ সিং শ্বেখাৱতক ধন্যবাদ জনাইছো... তেওঁ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সংস্কৃতি মন্ত্ৰণালয়েও এটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত বিশেষ ভূমিকা পালন কৰে ।" মুখ্যমন্ত্ৰীয়ে কয় ।
উল্লেখ্য যে যোৱা বছৰ অক্টোবৰ মাহত কেন্দ্ৰীয় কেবিনেটে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনায় । কেবিনেটৰ এই সিদ্ধান্তক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষভাৱে এই ভাষাসমূহ আৰু ইয়াৰ সমৃদ্ধ অৱদানৰ প্ৰশংসা কৰে ।