লখিমপুৰ, 29 মে’: বাৰিষাৰ আৰম্ভণিতে এজন লোকৰ প্ৰাণ ল’লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ৷ ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই ৷ লখিমপুৰত এন এইচ পি চিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । জনবিৰোধী কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে আত্মজাহৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিৰ বিৰুদ্ধে মঙলবাৰে লখিমপুৰ নগৰৰ মাজমজিয়াত ক্লক টাৱাৰৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই । সংগঠনটোৱে এন এইচ পি চিৰ পুত্তলিকা দাহ কৰি এন এইচ পি চি গ’ বেক, বৃহৎ নদীবান্ধ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, বিজেপি গ' বেক, এন এইচ পি চি গ' বেক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
দুৰ্ভাগ্যজনক বিষয় যে দুদিন পূৰ্বে নামনি সোৱণশিৰি প্ৰকল্পত পুতুল গগৈ নামৰ শ্ৰমিকজনৰ মৃত্যু হোৱাৰ বাবে অসমীয়া যুৱ মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈয়ে এন এইচ পি চিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, "এন এইচ পি চিয়ে লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ জীৱনৰ প্ৰতি ভাবুকি আনিছে । বাৰিষা অহাৰ লগে লগে এনে আশংকা অধিক হৈছে । নিৰ্মাণৰত প্ৰকল্পটোত শ্ৰমিকৰ মৃত্যু সুলভ ৷ এনে ঘটনাসমূহ এন এইচ পি চিয়ে গাপ দি ৰাখে ৷"