অসম

assam

ETV Bharat / state

অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদত নামিব অসম সন্মিলিত মৰ্চা - ASOM SONMILITO MORCHA

অবৈধ কয়লা খনন, পঞ্চায়ত নিৰ্বাচনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত অসম সন্মিলিত মৰ্চাৰ বৈঠক ।

Asom Sonmilito Morcha
অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদত নামিব অসম সন্মিলিত মৰ্চা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 8:16 PM IST

গুৱাহাটী :পুনৰ বিভিন্ন বিষয় লৈ গুৱাহাটীৰ হোটেল গেটৱেত আলোচনাত বহিল অসম সন্মিলিত মৰ্চা । কংগ্ৰেছ অবিহনে বৈঠকত মিলিত হ'ল অসম সন্মিলিত মৰ্চাৰ দলসমূহ । বৈঠকত উপস্থিত থাকে মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, বিধায়ক মনোৰঞ্জন তালুকদাৰো ।

অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ

অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদত নামিব অসম সন্মিলিত মৰ্চা (ETV Bharat Assam)

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত সভাপতি অজিত কুমাৰ ভূঞাই কয়, "আজিৰ বৈঠকত উমৰাংছ' আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগৰ লগতে অন্যান্য বিষয়ত আলোচনা কৰা হয় । অবৈধ কয়লা খননৰ বিৰোধিতাৰে মহানগৰীৰ গণেশগুৰিত থকা অসম খনিজ উন্নয়ন নিগম লিমিটেডৰ(AMDC) কাৰ্যালয়ত ১৬ জানুৱাৰীত ১১ বজাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । ১৬ জানুৱাৰীৰ পাছত উমৰাংছ'ত বিৰোধী ঐক্য মঞ্চৰ এটা প্ৰতিনিধি দল যাব । কাৰ্বি আংলং আৰু ডিমা হাছাওত হৈ থকা অবৈধ কয়লাখনিৰ তদন্ত হ'ব লাগে । কয়লা খননত ব্যাপক কেলেংকাৰী হৈ আছে । শাসকীয় দলৰ মানুহ জড়িত হৈ থকাৰ বাবে অপৰাধীবোৰক ৰক্ষণাবেক্ষণ দি আহিছে চৰকাৰে ।"

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লোছাৰ পত্নী এইক্ষেত্ৰত জড়িত থকাৰ অভিযোগ কৰি অজিত কুমাৰ ভূঞাই কয়, "কণিকা হোজাইৰ লগতে ইয়াত জড়িত সকলোকে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে । অবৈধভাৱে কয়লা খনন কৰাৰ লগত জড়িত সকলোকে অতি সোনকালে শাস্তি দিব লাগে । অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে ।"

ইফালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লোছাক সেই পদবীৰ‌‌ পৰা অপসাৰণৰো দাবী জনাই অসম সন্মিলিত মৰ্চাই । মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই কয়, "দীৰ্ঘদিন ধৰি ডিমা হাছাওত অবৈধ কয়লা খনন চলি থকাৰ পাছতো আৰক্ষীৰ লগতে ইয়াৰ লগত জড়িত সকলো তদন্তৰ আওতালৈ আহিব লাগে ।"

পঞ্চায়ত নিৰ্বাচন

আনহাতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মৰ্চাৰ বৈঠকত আলোচনা কৰা হয় । এই সন্দৰ্ভত ভূঞাই কয়, "পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ত ভেজা দি মুখ্যমন্ত্ৰীয়ে নানা ধৰণৰ কথা কৈ ষড়যন্ত্ৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে খেয়াল-খুচি মতে নিৰ্বাচন পাতিব । বিৰোধী দলৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ নিৰ্বাচনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়া উচ্চ ন্যায়ালয়ে তাত বাধা আৰোপ কৰাত সেয়া অনিশ্চয়তাৰ গহ্বৰলৈ গৈছে ।"

ৱাৰ্ড সদস্যৰ নিৰ্বাচনত দলীয় প্ৰতীক ব্যৱহাৰ নকৰাৰ চৰকাৰ তথা নিৰ্বাচন আয়োগৰ সিদ্ধান্ত সন্দৰ্ভতো অসম সন্মিলিত মৰ্চাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সন্মিলিত মৰ্চাই । মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই কয়, "পৰিকল্পিতভাৱে গুৱাহাটীত ভাঙোন চলিছে । গুৱাহাটী উচ্চ ন্যায়ালয়ো ইয়াৰ পৰা উঠাই নিব বিচাৰিছে । উত্তৰ গুৱাহাটীলৈ উচ্চ ন্যায়ালয় উঠাই নিয়াৰ সিদ্ধান্তক লৈ ক্ষোভ উজাৰিছে উকিলসকলে । উকিলসকলৰ স্থিতিত আমি সৰ্মৰ্থন জনাইছো ।"

একেদৰে অসম সন্মিলিত মৰ্চাৰ পৰা কংগ্ৰেছ দল আঁতৰি থকা সন্দৰ্ভতো তেওঁ কয়, "বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী একত্ৰিত হ'ব লাগিব । আমাৰ চেষ্টা হৈছে একত্ৰিত হৈ নিৰ্বাচন খেলা । যিসকলে প্ৰকৃততে বিজেপিৰ পতন বিচাৰিছে তেওঁলোকে এই প্ৰক্ৰিয়াত সহায় কৰিব এই আশা কৰিছো ।"

লগতে পঢ়ক :এতিয়া নহয়, ঢোলে-কুলিয়ে একেবাৰে ব'হাগতহে পঞ্চায়ত নিৰ্বাচন - ASSAM CM ON PANCHAYAT ELECTIONS

ABOUT THE AUTHOR

...view details