মঙলদৈ:দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, বিশিষ্ট সাহিত্যিক, কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক মঙলদৈ সাহিত্য নগৰ নিবাসী ইদ্ৰিছ আলীক এইবাৰ অসম সাহিত্য সভাই সভাৰ সৰ্বোচ্চ সন্মান 'সাহিত্যাচার্য'ৰে সন্মানিত কৰাৰ সিদ্ধান্ত লৈছে । অসম সাহিত্য সভাই এক পত্ৰযোগে বিশিষ্ট সাহিত্যিকগৰাকীলৈ এই বাৰ্তা প্ৰেৰণ কৰে ।
অসম সাহিত্য সভাৰ তৰফৰ পৰা প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে "আপুনি অসমৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে আপোনাক অসম সাহিত্য সভাৰ সর্বোচ্চ সম্মান 'সাহিত্যাচার্য' প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে । সেয়েহে, অহা ৩০ জানুৱাৰী, ২০২৫ খ্ৰীষ্টাব্দ তাৰিখে পুৱা ১১-০০ বজাত সভাৰ মাননীয় সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাদেৱৰ পৌৰোহিত্যত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত আপোনাক সভাৰ সৰ্বোচ্চ সম্মান প্রদান কৰিবলৈ বিচাৰিছোঁ । জাতীয় জীৱনৰ এগৰাকী শ্রদ্ধেয় ব্যক্তি হিচাপে এই সন্মান গ্রহণ কৰিবৰ বাবে সাদৰেৰে আমন্ত্রণ জনালোঁ ।"
অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি, বিশিষ্ট সাহিত্যিক, গীতিকাৰ, মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক, ‘দৰং ৰত্ন' সন্মানেৰে বিভূষিত আলিয়ে ২০০১ চনত মঙলদৈ মহাবিদ্যালয় পৰাই অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্রহণ কৰে । গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা ১৯৬৫ চনতে এগৰাকী গীতিকাৰৰূপে স্বীকৃতি লাভ কৰা ইদ্রিছ আলীয়ে 'মোৰ গাঁৱৰ সাধু', 'বুঢ়া আঁহতৰ হাঁহি', 'আগ চোতালৰ মেল', 'নিৰিবিলি', 'সুৰমিতা', 'কিশোৰ জ্যোতিপ্রসাদ', 'সুখৰ দুখৰ আৰু প্ৰেমৰ' নামৰ গ্ৰন্থকেইখন প্রণয়ন কৰি পাঠক সমাজৰ পৰা বিপুল সমাদৰ লাভ কৰে ।