গুৱাহাটী, ২৫ জুলাই :বিগত দুই-তিনিটা বছৰত ৰাজ্যত আৰক্ষীয়ে নিষ্পত্তি কৰা অৰ্থাৎ তদন্ত শেষ কৰা গোচৰৰ সংখ্যা আৰু হাৰ পূৰ্বৰ বছৰসমূহৰ তুলনাত বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ‘এক্স’ত সদৰী কৰা মতে ২০২১ চনত আৰক্ষীয়ে অসমত নিষ্পত্তি নকৰা গোচৰৰ সংখ্যা আছিল ৯৫,৯৯৪ টা ৷
আনহাতে ২০২৪ চনৰ জুনলৈকে আৰক্ষীয়ে অসমত নিষ্পত্তি নকৰা গোচৰৰ সংখ্যা ছমাহত ১৮,২৮৬ টা ৷ অসম আৰক্ষীৰ এজন অনুসন্ধানকাৰী বিষয়াই চোৱাচিতা কৰা গোচৰৰ গড় সংখ্যা ২০২১ চনত ৫২ টা আছিল । ২০২৪ চনত এই সংখ্যা ৭.৩৯ টা হৈছে বুলি তেওঁ কয় ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ আধুনিকীকৰণৰ জৰিয়তে অসম আৰক্ষীৰ কাৰ্যপ্ৰণালী বিশেষ সংস্কাৰেৰে সমৃদ্ধ হৈ পৰিছে ৷ ইয়াৰে ফলশ্ৰুতিত অসম আৰক্ষীৰ এজন অনুসন্ধানকাৰী বিষয়াই চোৱাচিতা কৰা গোচৰৰ গড় সংখ্যা যথেষ্ট হ্ৰাস পাইছে ৷ স্মৰ্তব্য যে আধুনিকীকৰণে অনুসন্ধানৰ মানো যথেষ্ট পৰিমাণে উন্নত কৰিছে ৷ নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ৰমহ্ৰাসমান গতিৰ পৰা আমাৰ সমাজৰ বৃহৎসংখ্যক লোক যে উপকৃত হৈ পৰিছে, সেয়া সহজেই অনুমেয় ৷’’
অসমত বিগত পাঁচ বছৰত অপৰাধৰ হাৰ লেখত ল’বলগীয়াকৈ হ্ৰাস পাইছে যদিও বিগত দুই-তিনিটা বছৰত ৰাজ্যত আৰক্ষীয়ে নিষ্পত্তি কৰা অৰ্থাৎ তদন্ত শেষ কৰা গোচৰৰ সংখ্যা আৰু হাৰ সেই অনুপাতে বৃদ্ধি পোৱা নাই ৷ অৱশ্যে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰা আৰু তাৰ ভিত্তিত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি হৈছে ৷ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কালি এক্সত প্ৰকাশ কৰা গোচৰৰ পৰিসংখ্যাত এই কথা পৰিস্ফুট হৈছে ৷