যোৰহাট :১৯৯৭ চনত হোলোঙাপাৰ গিৱনক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল । ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পূৰ্বতে পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ পৰিসীমা সংকুচিত হৈ পৰে ।
লাহে লাহে অস্তিত্বৰ সংকটত পৰিছে গিবন অভয়াৰণ্যখন । সেয়েহে গিবনৰ জীৱকূল ৰক্ষা আৰু অসমৰ পৰা হাতী সৰবৰাহৰ বিৰুদ্ধে ছবি অংকনৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ আগবাঢ়ি আহিল এগৰাকী চিত্ৰশিল্পী ।
ৰং তুলিকাৰ জৰিয়তে ছবি অংকন কৰি চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই প্ৰকৃতি ৰক্ষাৰ্থে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছে । প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী ওপৰত পৰা হাতোৰা আদি বিষয়বস্তু লৈ চিত্ৰশিল্পীগৰাকীয়ে চিত্ৰ অংকন কৰি ৰাইজক সজাগ কৰি আহিছে । ছবিৰ জৰিয়তে ৰাইজক সজাগ আৰু প্ৰতিবাদ কৰা বাবে ৰজাঘৰৰ ৰোষত পৰিবলগীয়াও হৈছিল চিত্ৰশিল্পীগৰাকী ।
হাতত ৰং তুলিকা লৈ চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই বৃহস্পতিবাৰে যোৰহাটৰ মাজমজিয়াত থকা উৰণীয়া সেতুৰ দেৱালত হাতী আৰু গিবনৰ জীৱকূল ৰক্ষাৰ্থে ৰাইজক সজাগ কৰাৰ লগতে সাব্যস্ত কৰিলে প্ৰতিবাদ । অসমৰ মাজেৰে বহিঃৰাজ্যলৈ এম্বুলেল্সেৰে হাতী সৰবৰাহ কৰোতে এটা হাতীৰ শুঁৰে দি সৃষ্টি কৰা আৱেগিক দৃশ্য আৰু গিবনৰ দুষ্প্ৰাপ্য জীৱকূলৰ দুখন হাত দেৱালত অংকন কৰাৰ লগতে শ্ল'গানৰে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিলে শিল্পীগৰাকীয়ে ।
- ছবি আঁকি জেললৈ যাবলৈ সাজু :