যোৰহাট, ১২ জুন:সমষ্টিবাসীৰ বাবে সকলো সময়তে কাম কৰা বুলি চৰ্চা লাভ কৰা এগৰাকী বিধায়ক হ'ল ৰূপজ্যোতি কুৰ্মী । পিচে সমষ্টিবাসী লাহে লাহে যেন বিতুষ্ট হৈছে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত । কিয়নো নিৰ্বাচনী প্ৰচাৰত অহংকাৰ ভৰা ভাষণৰ বাদে সমষ্টিবাসীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈ কুৰ্মীৰ আহৰি নাই বুলি এতিয়া চৰ্চা চলিছে । সততে মৰিয়নী সমষ্টি উন্নয়ন হোৱা বুলি দাবী কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ পতন নিজেই মাতি আনিছে বুলিও সৰৱ চৰ্চা আৰম্ভ হৈছে ৰাইজৰ মাজত ।
কাৰণ কোনো দিনেই কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন নোহোৱা মৰিয়নী নগৰবাসীয়ে বুধবাৰে পুৱা ভাগত অহা এজাক বৰষুণতেই এই ভয়াৱহ সমস্যাৰ সন্মুখীন হয় । কৃত্ৰিম বানৰ সৈতে মোকাবিলা কৰিবলৈ বাধ্য হয় নগৰবাসী । পুৱাৰ ভাগত অহা এজাক বৰষুণৰ পাচতেই মৰিয়নী পৌৰ এলেকা অধীনৰ ৭ নং, ৮ নং বাৰ্ডৰ লগতে বিভিন্ন স্থানৰ বাট-পথ বুৰ যায় । ফলত বিদ্যালয়, মহাবিদ্যালয়লৈ যোৱা ছাত্র-ছাত্ৰী তথা অফিচ, কাছাৰীলৈ যোৱাসকলে যমৰ-যাতনা ভোগ কৰিব লগা হয় । গেলা পানী গচকি অতিষ্ঠ হৈ পৰে মৰিয়নী নগৰবাসী ।
মৰিয়নী নগৰৰ উন্নয়ন তথা সমস্যাৰাজি সমাধানত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালক্ৰমত এইসমূহ কথা পাহৰি বিভিন্ন অনৰ্থক কথাত বাক-বিতণ্ডা কৰাতহে ব্যস্ত হোৱাৰ গুৰুতৰ অভিযোগ উথাপন হৈছে । ফলত মৰিয়নীবাসীয়ে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ পৰা পৰিলক্ষিত হৈছে । ফলত মৰিয়নীবাসী মাজত থকা ৰূপজ্যোতি কুৰ্মীৰ জনপ্ৰিয়তা এনেবোৰ কাৰণতেই হ্ৰাস পাবলৈ ধৰা বুলি ব্যাপক চৰ্চা চলিছে ।