নলবাৰী, 19 জুলাই : শুকুৰবাৰে সন্ধিয়া নলবাৰীৰ মুকালমুৱাত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা ৷ মুকালমুৱাৰ দমদমা পথাৰত ব্যৱসায়ী জাকিৰ হুছেইনৰ বাওভৰিত গুলীয়াই দুৰ্বৃত্তই লুটি নিলে ধন ৷
নলবাৰীত ব্যৱসায়ীলৈ গুলী : দুৰ্বৃত্তই লুটি নিলে ধন (ARMED ROBBERY IN NALBARI) গুলীচালনাৰ ফলত ব্যৱসায়ী জাকিৰ হুছেইনৰ বাওভৰিত এটা গুলী লগাত বাগৰি পৰাৰ লগে লগে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ ব্যৱসায়ীজনৰ লগত থকা নগদ ধনসহ দোকানৰ সামগ্ৰী সকলো লুটি লৈ যায় দুৰ্বৃত্তই ৷ উল্লেখ্য যে গুলীবিদ্ধ ব্যৱসায়ী জাকিৰ হুছেইনৰ এগৰাকী জোতা-চেন্দেলৰ ব্যৱসায়ী ৷ দমদমা পথাৰৰ ইটাভাটাৰ সন্মুখতে শুকুৰবাৰে হাজো-দৌলাশাল পথত সংঘটিত হয় এই ডকাইতিৰ ঘটনা ৷
উল্লেখযোগ্য যে জাকিৰ হুছেইনত বাইকেৰে অহা দুৰ্বৃত্তই গুলীয়াই ১০ লাখ টকা লুটি লৈ যায় বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে ব্যৱসায়ী জাকিৰ হুছেইনৰ ঘৰ বৰপেটা জিলাৰ চতলাত ৷ মুকালমুৱাৰ দমদমা পথাৰত আছিল জাকিৰ হুছেইনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ সন্ধিয়া দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত ব্যৱসায়ীজনক ভৰিত গুলীয়াই ১০ লাখ টকা লুটি নিয়াৰ লগতে দোকানৰ চাবিৰ লগতে অনান্য সামগ্ৰী দুৰ্বৃত্তই লৈ যায় ৷
আনহাতে বাইকেৰে তিনি দুৰ্বৃত্ত আহিছিল বুলি জানিব পৰা গৈছে ৷ তিনিও দুৰ্বৃত্তই মাস্ক পিন্ধি অহা বুলি জনাইছে স্থানীয় লোকে ৷ সম্প্ৰতি দুৰ্বৃত্তকেইটাৰ সন্ধানত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইপিনে আহত জাকিৰ হুছেইনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ফুটগধূলিতে জিলাখনৰ এটা প্ৰান্তৰ মূলপথত সংঘটিত হোৱা এই ডকাইতিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ৷
লগতে পঢ়ক :আৰক্ষীৰ সন্মুখতেই বিজেপি নেতাক গুলীয়ালে অৱসৰপ্ৰাপ্ত সেনা জোৱানে