অসম

assam

ETV Bharat / state

অসমত ২৬ বিলিয়ন ডলাৰৰ ৰিয়েল ইষ্টেট বজাৰ - ASSAM REAL ESTATE BUSINESS

অসমৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ অৱদান কি ? ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক মাণিক কুমাৰ ৰায়ৰ সৈতে 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ-

Assam Real Estate Business
অসমত ৰিয়েল ইষ্টেট বজাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 8:23 PM IST

Updated : Nov 21, 2024, 9:52 PM IST

গুৱাহাটী : অসমৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ ভূমিকা কি ? এই সন্দৰ্ভত বিশ্লেষণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছে 'আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেল'পাৰ্ছ এছ'চিয়েশ্যন' চমুকৈ 'এৰিডা'ই ।

ৰাজ্য চৰকাৰৰ 'ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষ'ৰ (ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটী, ৰেৰা) আহ্বানক্ৰমে 'এৰিডা'ই এই প্ৰতিবেদন প্ৰস্তুত কৰি ইতিমধ্যে 'ৰেৰা'ক দাখিল কৰিছে । এই প্ৰতিবেদনত বহু দিশ উন্মোচিত হৈছে ।

অসমত ৰিয়েল ইষ্টেট বজাৰ সন্দৰ্ভত এৰিডাৰ সভাপতিৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

এই সন্দৰ্ভত ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাতকাৰত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই প্ৰতিবেদন সন্দৰ্ভত কেতবোৰ দিশ প্ৰকাশ কৰে । উল্লেখ্য যে ৰেৰাৰ অধ্যক্ষ পৱন কুমাৰ বৰঠাকুৰৰ নিৰ্দেশনা অনুসৰি এৰিডাই অসমৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰভাৱ সম্পৰ্কে বিশ্লেষণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰি ইতিমধ্যে দাখিল কৰিছে ।

কি কি উৎসৰ পৰা চৰকাৰে কিমান ৰাজহ লাভ কৰে

প্ৰতিবেদনখন সন্দৰ্ভত পি কে শৰ্মাই কয়, "সকলো তথ্য চৰকাৰী আৰু অন্যান্য পেছাদাৰী সংস্থাৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰকাশন আৰু আমাৰ প্ৰসংগৰ উৎসৰ পৰা লোৱা হৈছে ।" ৰিয়েল ইষ্টেট খণ্ডৰ পৰা চৰকাৰে লাভ কৰা ৰাজহৰ প্ৰসংগত শৰ্মাই কয়, "চৰকাৰে ষ্টাম্প ডিউটী, পঞ্জীয়ন ব্যয়, নিৰ্মাণ সামগ্ৰীৰ ওপৰত চি জি এছ টি আৰু এছ জি এছ টি, শ্ৰমিক ব্যয়ৰ ওপৰত চি জি এছ টি আৰু এছ জি এছ টি, ঠিকাদাৰৰ লাভৰ ওপৰত আয়কৰ, ফ্লেট তথা এপাৰ্টমেণ্ট বিক্ৰীৰ ওপৰত জি এছ টি, শ্ৰমিক উপকৰ, উন্নয়ন কৰ্তৃপক্ষ আৰু নগৰ স্থানীয় সংস্থা তথা আন সংস্থাৰ দ্বাৰা অনুমোদনৰ বাবে বিভিন্ন মাচুল, বিকাশকাৰীৰ লাভৰ ওপৰত আয়কৰ আদি বিভিন্ন ক্ষেত্রৰ পৰা ৰিয়েল ইষ্টেট খণ্ডৰ যোগেদি ৰাজহ লাভ কৰে । এটা ফ্লেট নিৰ্মাণ কৰোতে হোৱা মুঠ ব্যয়ৰ পৰা চৰকাৰে বিভিন্ন উৎসৰ পৰা ৩৫ ৰ পৰা ৪০ শতাংশ কৰ লাভ কৰে ।"

লগতে পঢ়ক :গুৱাহাটীত ভেণ্ডিং জ'ন নিৰ্মাণৰ ফাইলত মকৰাজাল

অৰ্থনীতিত ৰিয়েল ইষ্টেটৰ ভূমিকা

শৰ্মাই লগতে কয়, "দেশৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদান আছে । বৰ্তমান বাৰ্ষিক বিকাশৰ হাৰ হৈছে ১৫.৭ শতাংশ । যি তিনিশৰো অধিক সহযোগী উদ্যোগক প্ৰভাৱিত কৰে । যাৰ ভিতৰত আছে নিৰ্মাণ সামগ্ৰী আৰু আনুষংগিক সামগ্ৰী, বেংকিং আৰু সেৱা । ২০৩০ চনৰ ভিতৰত নগৰায়ন ৪০ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে । যাৰ ফলত আৱাস, বাণিজ্যিক স্থান আৰু আন্তঃগাঁথনিৰ চাহিদা যথেষ্ট বৃদ্ধি হ'ব । ৰিয়েল ইষ্টেটত বিনিয়োগৰ ফলত চাকৰি সৃষ্টি হয় আৰু সম্পৰ্কীয় খণ্ডত উপভোক্তা ব্যয় বৃদ্ধি হয় । আনহাতে, অসমত বিশেষকৈ গুৱাহাটীত ৰিয়েল ইষ্টেট বজাৰত বাৰ্ষিক বৃদ্ধি ৮-১০ শতাংশ হাৰত হৈছে । ৰিয়েল ইষ্টেট খণ্ডই বৰ্তমান ভাৰতৰ জি ভি এ (Gross Value Added) বৃদ্ধিত প্ৰায় ১২ শতাংশ অৰিহণা যোগায় । যিটো ২০২৫ চনৰ ভিতৰত ১৩ শতাংশলৈ বৃদ্ধি হ'ব । আনহাতে অনুমান কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত খণ্ডটোৱে ভাৰতৰ জি ডি পিত প্ৰায় ১৫ শতাংশ অৰিহণা যোগাব ।"

অসমত ৰিয়েল ইষ্টেট বজাৰ (ETV Bharat Assam)

নিয়োগ সৃষ্টিত ৰিয়েল ইষ্টেটৰ অৱদান

নিয়োগ সৃষ্টিৰ ক্ষেত্রত ৰিয়েল ইষ্টেট খণ্ডৰ ভূমিকা সন্দৰ্ভত শৰ্মাই কয়, "অনুমান কৰা হৈছে যে ২০২৩ চনত অসমৰ ৰিয়েল ইষ্টেট খণ্ডত প্ৰায় ১.৮৪ নিযুত চাকৰি সৃষ্টি হৈছিল । অসমত বিশেষকৈ গুৱাহাটী চহৰত দ্ৰুত গতিত নগৰীকৰণ দেখা গৈছে আৰু অৰ্থনৈতিক বিকাশ আৰু উদ্ভাৱনৰ এক ইঞ্জিন হৈ পৰিছে । অনুমান কৰা হৈছে যে অসমত ৰিয়েল ইষ্টেট বজাৰৰ আকাৰ প্ৰায় ২৬ বিলিয়ন ডলাৰৰ ওচৰত । ২০৪৫ চনৰ ভিতৰত গুৱাহাটীৰ জনসংখ্যা প্ৰায় ৪০ লাখলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত ৭.৫ লাখ পৰিয়ালৰ গৃহৰ অভাৱ দূৰ হোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে ৰিয়েল ইষ্টেটৰ চাহিদা বৃদ্ধি হৈ থাকিব ।"

অসমত ৰিয়েল ইষ্টেট বজাৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই পৰিস্থিতিয়ে নিম্নমুখী ব্যৱসায় আৰু সহযোগী উদ্যোগসমূহৰ বাবে এক শক্তিশালী পৰিৱেশ সৃষ্টি কৰিব । যোৱা দশকত অসমৰ ৰিয়েল ইষ্টেট বজাৰত এক গুৰুত্বপূৰ্ণ বৃদ্ধি দেখা গৈছে । এইটো নেচনেল হাউছিং বেংক ৰেছিডেক্সৰ ফলাফলৰ পৰা স্পষ্ট হয় । যিটো হৈছে ভাৰত চৰকাৰৰ হৈ কৰা আনুষ্ঠানিক হাউছিং প্ৰাইচ ইণ্ডেক্স (এইচ পি আই), যিয়ে ৫০ খন চহৰৰ আৱাসিক আৱাস সম্পত্তিৰ মূল্য পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে । গুৱাহাটী দেশৰ দ্ৰুততম বিকাশশীল ৰিয়েল ইষ্টেট বজাৰ হিচাপে প্ৰমাণিত হৈছে ।"

অসমৰ বিভিন্ন চহৰলৈ সম্প্ৰসাৰিত হৈছে ৰিয়েল ইষ্টেটৰ বজাৰ

ৰিয়েল ইষ্টেটৰ বজাৰখন বৰ্তমান গুৱাহাটী মহানগৰীতে সীমাবদ্ধ হৈ থকা নাই । এই সন্দৰ্ভত শৰ্মাই কয়, "বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন চহৰত ৰিয়েল ইষ্টেটৰ চাহিদা বৃদ্ধি পাইছে । যোৰহাট, তেজপুৰ, নগাঁও, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, শিলচৰ, গোলাঘাট আদি ৰাজ্যৰ প্ৰায় চহৰতে ৰিয়েল ইষ্টেট খণ্ডই প্ৰভাৱ বিস্তাৰ কৰিছে । অনুমান কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত নগৰাঞ্চলৰ পৰিমাণ ৪০ শতাংশ হ'ব । বৰ্তমান ইয়াৰ পৰিমাণ প্ৰায় ১৭ শতাংশ । তেনেস্থলত নগৰীকৰণৰ ফলত ৰিয়েল ইষ্টেটৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাব ।"

লগতে পঢ়ক :পানীও লগোৱা নাই, পোৰাও নাই; জাবৰৰ পৰা প্ৰস্তুত কৰিলে পৰিৱেশ অনুকূল ইটা
লগতে পঢ়ক :২০২৪-২৫ বিত্তীয় বৰ্ষত ২৮০০ কোটি টকাৰ চাহ বিক্ৰী অসমৰ
Last Updated : Nov 21, 2024, 9:52 PM IST

ABOUT THE AUTHOR

...view details