গুৱাহাটী :অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা, ২০২৩ৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰা হয় । ঘোষিত ফলাফল অনুসৰি, অসম লোকসেৱা আয়োগে ২৩৫ গৰাকী প্রার্থীক এ চি এছ/এ পি এছ আৰু সংলগ্ন সেৱাত নিযুক্তিৰ বাবে অনুমোদন দিয়ে । ২০২৪ চনৰ মাৰ্চ মাহৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰা আৰম্ভ হোৱা সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰায় ৮ মাহৰ ভিতৰত সম্পূৰ্ণ হৈছে ।
বিগত কেইবছৰমানৰ ভিতৰত কেলেণ্ডাৰ অনুসৰি নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা এইবাৰৰ পৰীক্ষাত ৬৭,২৫১ তকৈ অধিক পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল । যিয়ে ৰাজ্যখনৰ সকলো বিভাগৰ পৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত বিশ্বাস আৰু আস্থাৰ প্ৰকাশ ঘটাইছে । বৃহস্পতিবাৰে ঘোষিত ফলাফলত ৮৭২ নম্বৰ লাভ কৰি পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে চিৰঞ্জীৱ ফুকনে । চিৰঞ্জীৱ ফুকন শিলচৰ এন আই টিৰ প্ৰথম শ্ৰেণীৰ বি টেক ।
আনহাতে, লণ্ডন স্কুল অৱ ইকন'মিকচ আৰু ৰাজনীতি বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী এনিশা বুঢ়াগোঁহায়ে ৮২৩ নম্বৰ লাভ কৰি মহিলা প্রার্থীৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে । জে আৰ এফ গৱেষক তথা দিল্লীৰ জে এন ইউৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হিমাদ্ৰী জিতা বৰাই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী মৃগাক্ষী বৰুৱাই চতুর্থ স্থান লাভ কৰে । পঞ্চম স্থান দখল কৰে বজালীৰ মুগুৰিয়াৰ টুটুমণি কাকতিয়ে । প্ৰথম দহটা স্থানৰ ভিতৰত থকা আন প্ৰাৰ্থীসকল হৈছে গোৱালপাৰাৰ মৃদুস্মিতা ৰয়, বঙাইগাঁৱৰ মেৰী কলিতা, শ্ৰীভূমিৰ দীক্ষা সৰকাৰ, লখিমপুৰৰ নিলম গাৰ্গ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অংকিতা চেত্ৰী ।
লক্ষণীয় বিষয় যে প্ৰথম দহগৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকী মহিলা প্ৰাৰ্থী । উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পদ সংৰক্ষিত কৰা হৈছে । মুঠ ২৩৫ জন প্ৰাৰ্থীৰ ভিতৰত এ চি এছৰ ৪৫ গৰাকী, এ পি এছৰ ৩৫ গৰাকী, অসম একাউণ্টছ ছাৰ্ভিচৰ ১০৭ গৰাকী, পৰিদৰ্শন অডিটৰৰ ১১ গৰাকী, কৰ অধীক্ষকৰ এগৰাকী, আবকাৰী অধীক্ষকৰ এগৰাকী, অসম বিত্ত সেৱাৰ ১৩ গৰাকী প্রার্থী, ৬ গৰাকী খণ্ড উন্নয়ন বিষয়াৰ বাবে, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ ৪টা, ৪টা কৰ পৰিদৰ্শক, ৪টা শ্ৰম পৰিদৰ্শক, এটা সহকাৰী নিয়োগ বিষয়া আৰু এটা উপ-পঞ্জীয়ক পদৰ বাবে আয়োগে চৰকাৰক নিযুক্তিৰ বাবে অনুমোদন দিছে ।
এ চি এছৰ শীৰ্ষত চিৰঞ্জীৱ ফুকন আৰু এ পি এছৰ শীৰ্ষত পাৰ্থপ্ৰতিম শৰ্মা । এ চি এছ পদত উত্তীৰ্ণ হৈছে মুঠ ৪৫ গৰাকী প্ৰাৰ্থী । আনহাতে, এ পি এছত উত্তীৰ্ণ হৈছে ৩৫ গৰাকী প্ৰাৰ্থী । এ এফ এছত উত্তীৰ্ণ ১৩ গৰাকী প্ৰাৰ্থী ।