ডিব্ৰুগড় : "১৮ মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন ঘোষণা নকৰে তেন্তে আমি আদালতৰ দ্বাৰস্থ হম ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ । ৰাজ্য চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই বাৰে বাৰে পঞ্চায়ত নিৰ্বাচন পিছুৱাই থকা কাৰ্যত ক্ষোভিত হৈ এই মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । কেৱল এয়াই নহয় অসমৰ মুখ্যমন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে বৰাই । ডিব্ৰুগড়ৰ এক অনুষ্ঠানত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ সৰৱ হৈ পৰে ।
অসম চৰকাৰক প্ৰত্যাহ্বান :
ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । শাসকীয় দল বিজেপিয়ে মণ্ডল, জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ নেতৃত্ব সালসলনি কৰি সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে । কিন্তু চৰকাৰে সঘনাই পঞ্চায়ত নিৰ্বাচনৰ দিন পিচুৱাব লগা হোৱাত সৰৱ হৈ পৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ । ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত কয়, "কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বদ্ধপৰিকৰ । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছলে-বলে, কৌশলে পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে । তেওঁ ভয় খাইছে গাঁৱত যি ধৰণেৰে কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বৃদ্ধি পাছে, মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি ৰাইজে আস্থাহীনতাত ভুগিছে । পঞ্চায়ত নিৰ্বাচনত বিপৰ্যয় হ'ব বুলি জানিব পাৰি তেওঁ পঞ্চায়ত নিৰ্বাচন পিছুৱাই আহিছে । সেয়ে মুখ্যমন্ত্ৰীক সকীয়াই দিছো ১৮ মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নকৰে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হম । ইতিমধ্যে অধিবক্তাৰ সৈতে এই বিষয়ত আলোচনা কৰা হৈছে ।"
বিৰোধী ঐক্যৰ কি হ'ব ?