গুৱাহাটী, ২৪ এপ্ৰিল: অৰুণাচলৰ ৫ চাকমা-হাজং শৰণাৰ্থীক অসমত স্থায়ী আশ্ৰয় দিবলৈ কেন্দ্ৰই পৰিকল্পনা কৰিছে বুলি অৰুণাচলৰ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৰা মন্তব্যই তোলপাৰ লগাইছে ৰাজ্য । এই মন্তব্য়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । অসমত অৰুণাচলৰ চাকমা-হাজং শৰণাৰ্থীক কেন্দ্ৰীয় চৰকাৰে 'কা’ৰ জৰিয়তে সংস্থাপিত কৰা প্ৰসংগত কালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “অমিত শ্বাহে নিৰ্দেশ দিলে হাউছিং ক'লনি পাতি বাসগৃহ নিৰ্মাণ কৰি হ’লেও অৰুণাচলে খেদি দিয়া শৰণাৰ্থীক অসমত সংস্থাপন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷“
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিযোগ কৰি কয় যে ৫ লাখ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে । এই পৰিকল্পনা কাৰ্যকৰী হ’লে অনাগত দিনত অসমৰ বাবে এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য় কৰে ।
অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজক অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ ওফৰাবলৈ অহা ২৬ এপ্ৰিল আৰু ৭ মে’ত বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে আহ্বান জনায় । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিক ভোট দিয়া মানে অসমে আকৌ বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ বাধ্য হোৱা কথাটোকেই সূচাব । অসমৰ মানুহৰ মূৰত লাখ লাখ বিদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰা এই চৰকাৰক ওফৰাবৰ বাবে ৰাইজে এতিয়া সিদ্ধান্ত ল’ব লাগে ।