অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ লক্ষ্য়ৰে তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ মাৰাথন বৈঠক - APCC in charge Jitendra Singh

Election strategy of Jitendra Singh : বিধানসভাৰ উপ-নিৰ্বাচনৰ লগতে ২০২৬ৰ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰাই কৌশল প্ৰস্তুত কৰিব কংগ্ৰেছে । অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এই ৰণকৌশলৰ বাবে দলীয় নেতা-কৰ্মীৰ পৰা বিচাৰিব মতামত ।

Meeting in Rajib Bhawan
অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ সভা (Social Media)

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 2:23 PM IST

গুৱাহাটী, ১৫ জুলাই :লোকসভা নিৰ্বাচনৰ পিচতেই পুনৰ প্ৰাণ পাই উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনে । বিধানসভাৰ উপ-নিৰ্বাচনৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷ সেইবাবে ব্যস্ত হৈ পৰিছে দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱন ।

এই উদ্দেশ্য় আগত ৰাখিয়েই সোমবাৰৰ পৰা অহা ১৭ জুলাইলৈ পৃথকে পৃথকে প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীৰে বৈঠকত মিলিত হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং । লোকসভা নিৰ্বাচনৰ বাবে খালী হোৱা বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সৈতেও বৈঠকত বহিব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকী ।

অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ সভা (Social Media)

অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি বিয়লি বৈঠকত কাৰ্যালয়ৰ বিষয়ববীয়াৰ লগতে বিহালী, চামগুৰি, বঙাইগাঁও, চিডলী আৰু ধলাই উপ নিৰ্বাচনৰ বাবে এ আই চি চিৰ সম্পদাক, চি এল পি নেতা, কাৰ্যকৰী সভাপতি, বিধায়ক আৰু সাংসদসকলৰ সৈতে মিলিত হ'ব ।

দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে জিতেন্দ্ৰ সিঙে সাংগঠনিক বৈঠকত মিলিত হ’ব । কাইলৈ অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত উজনি অসম, উত্তৰ অসম, মধ্য অসম, পাহাৰীয়া জিলা, বৰাক উপত্য়কা আৰু নামনি অসমৰ কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকিব ।

তৃতীয় দিনা অৰ্থাৎ বুধবাৰে সংসদীয় কমিটীৰ সদস্য, সাংসদ, বিধায়ক, ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী আৰু জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে ৷ তত্বাৱধায়কগৰাকীৰ সৈতে থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাকে আদি কৰি দলীয় নেতৃবৃন্দ ৷

লগতে পঢ়ক:ৰাজীৱ ভৱনত বিজয় উৎসৱ : নৱ-নিৰ্বাচিত তিনি সাংসদক বিপুল সম্বৰ্ধনা - APCC victory celebration

অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা - ASHOK SARMA READY TO RESIGN

ABOUT THE AUTHOR

...view details