শিৱসাগৰ, 19 মে’ :"চল্লিশ লাখ অনুসূচীত জাতিৰ লোক অসমত আছে আৰু এই লোকসকলৰ সমস্যা সমাধানৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আগ্ৰহী নহয় ৷ বৰঞ্চ তেওঁৰ কাৰ্যকালত অনুসূচীত জাতিৰ লোকসকলৰ সমস্যা চৰকাৰখনে বৃদ্ধিহে কৰিলে ৷" শুকুৰবাৰে শিৱসাগৰত আয়োজন কৰা এক সংবাদমেলত এনেদৰে ক্ষোভ উজাৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে ৷
সভাপতিগৰাকীয়ে লগতে কয়, "বিগত সময়ত অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্কুল তথা কলেজ পৰ্যায়ত যি জলপানি দিয়াৰ ব্যৱস্থা আছিল হিমন্ত চৰকাৰে সেয়া অনিয়মীয়া কৰিলে । লগতে কৰ্মচাৰী পদোন্নতিৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ লোকসকলৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাকো চৰকাৰখনে বন্ধ কৰিলে ।"
বৰ্তমান অনুসূচীত জাতিৰ লোকসকল সুৰক্ষিত নহয় বুলি অভিযোগ তুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে কয়, "এচ চি লোকসকলৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে বিগত বছৰতে পাঁচবাৰকৈ স্মাৰকপত্ৰ দিয়া হৈছে, আন্দোলন কৰা হৈছে, কিন্তু কোনোধৰণৰ সমস্যাৰ সমাধান নহ'ল । হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বেই এচ চি সকলৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰিছিল যদিও পিছত এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।"