মৰিগাঁও, 22 এপ্ৰিল:গৰু চুৰি ৰোধৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ পাচতো হ্ৰাস হোৱা নাই ৰাজ্যত গৰু চুৰিৰ ঘটনা ৷ বৰঞ্চ ৰাজ্যত বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে গৰু চুৰিৰ ঘটনা । প্ৰায় প্ৰতিদিনে পোহৰলৈ আহে এটাৰ পাচত আনটো গৰু চুৰিৰ ঘটনা । গৰু চুৰিৰ সন্দেহত ৰাজ্যত পুনৰ সংঘটিত হৈছে লংকাকাণ্ড ।
মৰিগাঁও জিলাৰ কুমৈ-তেতেলীয়া জিলাত সংঘটিত হৈছে পুনৰ গৰু চুৰিৰ ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰৰ নিশা মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াত গৰু চুৰিৰ সন্দেহত একাংশ ৰাইজে জ্বলাই দিলে দুখনকৈ চাৰিচকীয়া বাহন । বাহন দুখনত চুৰি গৰু কঢ়িয়াই নিয়াৰ সন্দেহত গো-পালকসকলে সন্দেহজনক যুৱককেইজনক সোধা-পোচ চলায় ।
ইয়াৰ পাচতে স্থানীয় ক্ষোভিত ৰাইজে জ্বলাই দিয়ে দুখনকৈ বাহন । অভিযুক্ত তিনি গৰু চোৰক ক্ষোভিত ৰাইজে গতাই দিয়ে ধৰমতুল আৰক্ষীক । ক্ষোভিত ৰাইজে জ্বলাই দিয়া দুখনকৈ বাহন ক্ৰমে AS 01-DK-7214 নম্বৰৰ বলেৰ’ আৰু আনখন হ’ল AS01-QC-5575 নম্বৰৰ টাটা যুদ্ধা ।