গোলাঘাট,২৮ আগষ্ট: গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি । প্ৰাণৰ মমতাত একাংশ ক্ষোভিত শ্ৰমিকৰ হাতৰ পৰা বাচিবলৈ দৌৰিছে গোলাঘাট ৰঙাজান চাহ বাগিচাৰ পৰিচালক । বছৰ বছৰ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহা যোৰহাটৰ ৰিণিকি খৈতান মালিকানাধীন ৰঙাজান চাহ বাগিচাখনৰ শ্ৰমিকসকলৰ যেন ধৈৰ্যৰ বান্ধ ছিগিল বুধবাৰে ! অৱশেষত শ্ৰমিকসকলে বাগিচাখনৰ পৰিচালকক জবাবদিহি কৰাৰ লগতে হাজাৰ হাজাৰ শ্ৰমিকে পৰিচালকগৰাকীক প্ৰহাৰ কৰিবৈল চোঁচা লয় ।
সৌভাগ্যক্ৰমে ঘটনাস্থলীত গোলাঘাট আৰক্ষীৰ দল উপস্থিত হৈ বাগিচাখনৰ পৰিচালকৰ লগতে আন দুগৰাকী বাগিচাৰ কৰ্তৃপক্ষক গোলাঘাট আৰক্ষী থানলৈ লৈ যায় । যিসময়ত ৰাজ্যৰ বাগিচাসমূহৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে তেনে সময়তে গোলাঘাটৰ ৰঙাজান চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱাৰ লগতে ৰেচন-বোনাছ আদিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
ক্ষোভিত শ্ৰমিকসকলে কয়,"২৪ দিনে আমাৰ দৰমহা আদায় দিয়া নাই মালিকপক্ষই । এই বিষয়ে পৰিচালকজনক বহুবাৰ আবেদন কৰিছিলো যদিও, তেখেতে গুণ্ডাৰাজ চলাই বাগিচা চলাই আছে । বাগিচাখনৰ দৰিদ্ৰ শ্ৰমিক সকলে গোটেই সপ্তাহ কঠোৰ পৰিশ্ৰম কৰি শনিবাৰৰ দিনটোলৈ প্ৰাপ্য মজুৰি আশাত থাকে । কিন্তু ২০১৭ চনৰ পৰা পৰাই মালিক পক্ষই বাগিচাৰ শ্ৰমিকৰ লগত শোষণ নীতি চলাই আহিছে । অকল মজুৰি নহয় শ্ৰমিকৰ পি এফ, বোনাছ, আদি সকলো দিশৰ পৰা বঞ্চিত কৰি আহিছে । গতিকে এনে স্বত্বাধিকাৰী আমাক নালাগে ।" আনকি বাগিচাখন পৰিদৰ্শন কৰিবলৈ অহা দলক ভুল পথে পৰিচালনা কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে ।