গোলাঘাট:সৰুৰে পৰা আকাশত উৰি দেশ-বিদেশ ঘূৰি ফুৰা সপোন আছিল ল’ৰাজনৰ । লক্ষ্য আছিল মাত্ৰ এটাই- আকাশত উৰা ৷ সেই লক্ষ্যত উপনীত হ’বলৈ যিমান কষ্ট, ত্যাগ, অধ্যৱসায় লাগে, যিমান উজাগৰী নিশা কটাব লাগে, সেয়া সকলো কৰিছিল তেওঁ ৷ আকাশত উৰাৰ সপোন সাৰ্থক কৰিবলৈ মনত অদম্য সাহস বান্ধি এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই গৈছিল ল’ৰাজন । সেই কষ্টৰ সুফল লাভ কৰি আজি ল'ৰাজন গাঁৱলৈ আহিছে পাইলট হৈ ।
গোলাঘাট জিলাৰ কমাৰবন্ধা নামচনীয়া গাঁৱৰ গাঁও প্ৰধান হৰেণ বৰগোঁহাইৰ পুত্ৰ পৰাগজ্যোতি বৰগোঁহাই অৱশেষত দক্ষিণ আফ্ৰিকাৰ পৰা পাইলট হৈ ঘৰলৈ ওভতি আহিছে । তাৰ পাছতে যেন আনন্দত আত্মহাৰা হৈ পৰে পৰিয়ালৰ লোকৰ লগতে ওচৰ-চুবুৰীয়া । বাসগৃহত উপস্থিত হোৱাৰ পাছত পৰাগ বৰগোঁহাইক সকলোৱে উষ্ম আদৰণি জনায় ৷
সাংবাদিকৰ আগত পৰাগে ক’লে এই কৃতিত্ব অৰ্জনৰ আঁৰৰ কথা । তেওঁ কয়, ‘‘প্ৰথম অৱস্থাত পাইলটৰ প্ৰশিক্ষণ কি আৰু কেনেদৰে কৰা হয় সেয়া জনা নাছিলো ৷ কিন্তু সামাজিক মাধ্যমৰ পৰা আজিকালি কিছু আভাস ল'ব পাৰি । এজন পাইলট হ'বলৈ প্ৰথমতে সু-স্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব ৷ তাৰ বাবে যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত পাইলটৰ প্ৰশিক্ষণ আৰম্ভ কৰিব পাৰে ৷ ভাৰতবৰ্ষত পাইলট হ'বলৈ ২০০ ঘণ্টা উৰণ সম্পূৰ্ণ কৰিব লাগিব, তাৰ পাছত আপুনি পাইলটৰ ডিগ্ৰী লাভ কৰিব ।’’
পৰাগে আৰু কয়, ‘‘প্ৰথমতে মই ঘৰৰ পৰাই অনলাইন শিক্ষা গ্ৰহণ কৰিছিলো, তাৰ পাছতে যাৱতীয় পৰীক্ষাত অৱতীৰ্ণ হওঁ ৷ ভাৰতবৰ্ষত খৰচৰ পৰিমাণ অলপ বেছি হোৱাৰ বাবে মই দক্ষিণ আফ্ৰিকালৈ প্ৰশিক্ষণৰ বাবে গুচি যাওঁ ৷ য'ত ভাৰতবৰ্ষতকৈ বহুত উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰিব পাৰি । সৰুৰে পৰা মোৰ এটা সপোন আছিল আৰু সেই সময়ৰ এখন ধাৰাবাহিক আছিল ‘‘বিদেশত আপোন মানুহ’’, তাৰ পৰা মই কিছু আগ্ৰহী হৈছিলো বিদেশ ভ্ৰমণৰ বাবে ৷ লগতে বিদেশৰ লোকসকল কেনেদৰে বসবাস কৰে সেইবোৰ ব্লগ চাইছিলো ৷ মই ভ্ৰমণৰ প্ৰতিও বহু আগ্ৰহী, মোৰ পেচাই মোক অধিক সুবিধা প্ৰদান কৰিব ৷’’