সৰুপথাৰৰ এগৰাকী অসহায় বৃদ্ধা সৰুপথাৰ,১১ এপ্ৰিল: কোন গাঁৱত ঘৰ ? ঘৰখন কেনে আছে ? পেটত পৰেনে খুদকণ এটা ? কোনে ৰাখে খবৰ ? জনপ্ৰতিনিধিৰ দুখীয়াৰ দুখৰ বুজ ল'বলৈ যেন নাই সময় !বলিছে নিৰ্বাচনী বতাহ । নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজনৈতিক নেতা । দিন-ৰাতি একাকাৰ কৰি ৰজাঘৰীয়া ব্যস্ত গাদী ৰক্ষাৰ যুঁজত । গণতন্ত্ৰৰ বৃহৎ উৎসৱৰ মহা আয়োজন । পিছে নিৰ্বাচনে কি দিব আইতাক ? পাবনে এটা চৰকাৰী গৃহ ?
ধনশিৰি মহকুমাৰ বৰপথাৰৰ এখন মিচিং গাঁও । তাতেই বাস কৰে এগৰাকী নিঃসংগ বৃদ্ধাই । নাম দীনেশ্বৰী কাৰ্দং । কিছুবছৰৰ পূৰ্বে স্বামীক হেৰুওৱা আইতাৰ এতিয়া নাই কোনো আত্মীয় । বৃদ্ধাগৰাকীৰ বয়স আশীৰোৰ্ধৰ । লোকসভা নিৰ্বাচনৰ বাবে প'ষ্টেল বেলটৰ জৰিয়তে বৃদ্ধাগৰাকীৰ ভোট নিবলৈও আহিছিল বিষয়া । সেইখিনিলৈকে ঠিকেই আছিল । পিছে আইতাই নাপায় ৰেচন কাৰ্ডৰ চাউল । অৰুণোদয়, লাখপতি বাইদেউ আঁচনিৰ প্ৰসংগ নকলেও হ'ব, বৃদ্ধ পেঞ্চনো লাভ কৰা নাই বৃদ্ধাগৰাকীয়ে ।
ৰুগীয়া হৈ খোজ কাঢ়িব নোৱাৰে বৃদ্ধাগৰাকীয়ে । আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসাৰ বাবে দুখীয়া মানুহে লাভ কৰে ৫ লাখ টকাৰ সাহায্য । ৰোগৰ চিকিৎসা কৰাটো দুৰৰে কথা আধাৰকাৰ্ড নথকাৰ ফলত লাভ নকৰে দুঁসাজৰ কাৰণে চাউল । ইপিনে ওচৰ-চুবুৰীয়াৰ লোকে খোৱাপানী আনি দিয়ে আইতাক । ৰাইজৰ লোকে কিছু সহায়-সাৰথি কৰি কোনোমতে জীৱনটো চলাই নিছে আইতাৰ ।
শৌচালয় লাভ কৰাৰ কথা দূৰতে থাকিল চৰকাৰী বাসগৃহৰ আঁচনিও ঢুকি পোৱা নাই বৃদ্ধাগৰাকীক । গাঁৱৰ ৰাইজে মিলি পঁজা এটি সাঁজি দিছে । বৰষুণ দিলেই পানী পৰে ঘৰটোত । খোজ কাঢ়িব নোৱৰা আইতাই নিজেই যেনেতেনে কিবা এটা ৰান্ধি খায় অতিবাহিত কৰিছে জীৱন । কোনো ধৰণৰ আঁচনিয়েই কিয় ঢুকি পোৱা নাই দৰিদ্ৰ, অসহায়, নিঃসংগ দিনেশ্বৰী কাৰ্ডং নামৰ বৃদ্ধা মহিলাগৰাকীক ? সেয়া অঞ্চলবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন । ইমানৰ পিচতো জনপ্ৰতিনিধিয়ে চকু মুদা কুলিৰ ভাও ধৰিয়েই থাকিবনে ? সবকা সাথ সবকা বিকাশৰ শ্ল'গান দিয়া চৰকাৰখনৰ কেতিয়া সুদৃষ্টি পৰিব এইগৰাকী নিঃকিন আইতাৰ ওপৰত ?
লগতে পঢ়ক:প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে মুখ্যমন্ত্ৰীয়ে; ভোট বৰ্জন হুংকাৰ পদুমণিবাসীৰ - Lok Sabha Elections 2024