তিতাবৰ, 25 আগষ্ট : এক কৰুণ পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে এহাল বৃদ্ধ পতি-পত্নীয়ে ৷ আজিৰ পৰা প্ৰায় পাঁচ-ছয় বছৰৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত ভুগি শয্যাশায়ী হয় বৃদ্ধগৰাকী ৷ তেতিয়াৰ পৰাই বিছনাখনেই হৈছে তেওঁৰ শেষ ভৰষা ৷ খোৱা-ৱোৰাৰ পৰা আদি কৰি পুৱাৰ পৰা নিশালৈকে সকলো কাম তেওঁ সেই বিছনাতেই কৰিব লাগে ৷
এক কৰুণ বৰ্তমানৰ সাক্ষী এহাল বৃদ্ধ (ETV Bharat) এনেকৈয়ে সময় বাগৰি থাকিল ৷ ৰুগীয়া বৃদ্ধগৰাকীক পৰিচৰ্যা কৰি কৰি অৱশেষত বিভিন্ন ৰোগে আগুৰি ধৰিলে তেওঁৰ পত্নীকো ৷ ভালদৰে উঠা-বহা, চলা-ফুৰা কৰিব নোৱাৰা হ’ল ৰুগীয়া বৃদ্ধগৰাকীৰ পত্নীয়ে ৷ আৰ্থিক অনাতনে জুৰুলা কৰা এই পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা ৷
কি কৰিব, ক’লৈ যাব ? নিৰূপায় তেওঁলোক ৷ উপায়ন্তৰ হৈ এতিয়া ৰুগীয়া বৃদ্ধাগৰাকীয়ে বিচাৰিছে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায়ৰ হাত ৷
লগতে পঢ়ক :Life struggle of a adolescent: দৃষ্টিহীন অৰণ্যত ঐনিতমৰ মধুৰ তান
আমি উল্লেখ কৰা এই বৃদ্ধ দম্পতিটোৰ ঘৰ হৈছে মেৰাপানীৰ 2 নং ওপৰ তৰানি গাঁৱত ৷ আৰ্থিক অনাতনৰ বাবে তেওঁলোকে বৰ্তমান ঘৰতে থাকি ভগৱানৰ ওপৰত এৰি দিছে জীৱন বাকী দিনকেইটা । উল্লেখিত বৃদ্ধগৰাকীৰ নাম পৱন চুতীয়া আৰু বৃদ্ধাগৰাকীৰ নাম মিনু চুতীয়া ৷
চাৰি জীয়ৰী সন্তানৰ পিতৃ-মাতৃ এই দম্পতিটোৱে খেতি কৰি দুবেলা দুসাঁজ খাইছিল ৷ কিন্তু হঠাৎ এক অচিন ৰোগত আক্ৰন্ত হৈ পৰৱৰ্তী সময়ত পক্ষাঘাতত শয্যাসায়ী হয় পৱন চুতীয়া ৷ ঘৰৰ একমাত্ৰ উপাৰ্জনকৰীৰ এনে অৱস্থা হোৱাত দিশহাৰা হৈ পৰে পৰিয়ালটো ৷
স্বামীক পুনৰ সুস্থ কৰি তোলাৰ বাবে পত্নী মিনু চুতীয়াই খেতিৰ মাটি কেইডৰাকে বন্ধকত ৰাখে ৷ তাৰ পাচত যোৰহাট-গোলাঘাটৰ চিকিৎসালয়ত চিকিৎসা কৰে ৷ তথাপিও সুস্থ হৈ নুঠিল মিনু চুতীয়াৰ স্বামী পৱন চুতীয়া ৷
- ৰোগাক্ৰান্ত মিনু চুতীয়া :
এনেকৈয়ে পাৰ হৈ থাকিল সময় ৷ স্বামীৰ শুশ্ৰূষা কৰি অৱশেষত মিনু চুতীয়াও ৰোগাক্ৰান্ত হৈ পৰিল । এতিয়া পৱন চুতীয়াৰ স্বাস্থ্য যতনৰ নামত মিনু চুতীয়াই দিব পাৰে কেৱল সজল নয়নে ভৰা ভগ্ন হৃদয়ৰ এষাৰি মাত । ওচৰ-চুবুৰীয়াৰ সহায়তহে বৃদ্ধ দম্পতিটোৱে কৰিব পাৰে নিত্য-নৈতিমিত কাম-কাজ ৷
ৰুগীয়া পিতৃ-মাতৃৰ এই অৱস্থা দেখি বিগত কিছুদিন ধৰি তেওঁলোকক সংগ দিছে কনিষ্ঠ জীয়ৰীয়ে ৷ এতিয়া তেওঁলোকৰ চিকিৎসা কৰাটো দূৰৰ কথা এবেলা এসাঁজ খাবলৈও দহবাৰ ভাবিব লগা পৰিস্থিতি আহি পৰিছে ৷ উপায়ন্তৰ হৈ এই পৰিয়ালটিয়ে মুখ্যমন্ত্ৰীৰ পৰা আৰ্থিক সাহাৰ্যৰ লগতে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিবলৈ বিছাৰিছে সহায়ৰ হাত ।
লগতে পঢ়ক :পিতৃ-মাতৃহীন তিনি সন্তানৰ কৰুণ কাহিনী