অসম

assam

NSA চেলত উদ্ধাৰ নিষিদ্ধ সামগ্ৰী; কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:53 AM IST

Updated : Mar 8, 2024, 2:19 PM IST

Amritpal Singh case : ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ কৰাৰ পাচতেই পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৷ ডিব্ৰুগড় কাৰাগাৰৰ খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিং থকা NSA চেলত নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হোৱাৰ পাচতেই গ্ৰেপ্তাৰ কৰা হয় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকগৰাকীক ৷

Superintendent of Dibrugarh central jail arrested
NSA চেলত উদ্ধাৰ নিষিদ্ধ সামগ্ৰী; কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাস

মৰাণ, 8 মাৰ্চ: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ কৰাৰ পিচতেই পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৷ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাৰাগাৰৰ অধীক্ষকগৰাকীক ৷ উল্লেখ্য যে, বিগত মাহত খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিংসহ আন 9 সহযোগী থকা NSA চেলত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিমৰ্ট, দুটা ম'বাইল, স্পাই কেম পেইন, ব্লু টুথ হেডফোন আদি । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এই সন্দৰ্ভত অৱগত কৰাৰ পাচতে ডিব্ৰুগড় কাৰাগাৰৰ ভিতৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ডিব্ৰুগড় আৰক্ষীয়ে ৰুজু কৰিছিল ঘটনা সন্দৰ্ভত গোচৰ ।

গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল ৰাজ্যৰ গৃহ বিভাগে । তদন্ত অব্যাহত থকাৰ সময়তে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ কৰা হয় । ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীয়ে অধীক্ষকগৰাকীক আটক কৰি বৃহস্পতিবাৰে নিশাৰে পৰা জেৰা অব‍্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকগৰাকীক গ্ৰেপ্তাৰক লৈ তথ্য ৰাজহুৱা কৰিলে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে । জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিং থকা NSA চেলত নিষিদ্ধ সামগ্ৰী যোগান ধৰিছিল কাৰাগাৰৰ অধীক্ষক নৃপেন দাসে । লগতে কাৰাগাৰৰ নীতি-নিয়ম ভংগ কৰি খালিস্তানী উগ্ৰপন্থী কেইজনক বিশেষ সুবিধা দিছিল অধীক্ষকগৰাকীয়ে । এই সম্পৰ্কত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে।

কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নৃপেন দাস

উল্লেখ কৰা প্ৰয়োজন যে, ঘটনাৰ কথা পোহৰলৈ অহাৰ পাচতে প্ৰথমেই সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকগৰাকী । অৱশ্যে এই ঘটনাৰ লগত অধীক্ষকগৰাকী কেনেকৈ জড়িত সেই সম্পৰ্কে আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই ।

উল্লেখ্য যে, শেহতীয়াকৈ জানিব পৰা মতে ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰা নাছিল খালিস্তানপন্থী নেতা অমৃতপাল সিং আৰু তেওঁৰ কাৰাবন্দী সহযোগীসকলে ৷ প্ৰাপ্ত তথ্য মতে সুৰক্ষাৰ দোহাই দি জেল কৰ্তৃপক্ষই দিয়া আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকি নিজে তৈয়াৰ কৰা খাদ্য গ্ৰহণ কৰি আছে অমৃতপাল সিং আৰু সহযোগীসকল ৷

আনহাতে, অমৃতপালৰ সহযোগী কুলৱন্ত সিঙৰ স্বাস্থ্য শোচনীয় হৈ পৰাত 5 মাৰ্চৰ নিশাই অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় কুলৱন্ত সিঙক ৷

লগতে পঢ়ক:ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা

Last Updated : Mar 8, 2024, 2:19 PM IST

ABOUT THE AUTHOR

...view details