অসম

assam

ETV Bharat / state

এইবাৰ অমৃত সৰোবৰত উপঙিব ভাসমান সৌৰ শক্তি পেনেল - FLOATING SOLAR PROJECT

ভাসমান সৌৰ শক্তি প্ৰকল্প কি ? অসমৰ ক'ত ক'ত আছে এই প্ৰকল্প জানেনে ?

floating solar project
এইবাৰ অমৃত সৰোবৰত উপঙিব ভাসমান সৌৰ শক্তি পেনেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 6:41 PM IST

গুৱাহাটী: জলবিদ্যুৎ প্ৰকল্প আৰু তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ ব্যৱহাৰ হ্ৰাস কৰি সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎশক্তি উৎপাদন কৰাৰ বাবে শেহতীয়াকৈ চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত বিভিন্ন প্ৰকল্প গ্ৰহণ কৰিছে । এই সন্দৰ্ভত অসমতো চৰকাৰে বিভিন্ন সময়ত সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে । অসমত সৌৰ শক্তি প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অসম চৰকাৰৰ অসম শক্তি উন্নয়ন সংস্থাই গ্ৰহণ কৰিছে( Assam energy development agency) বিভিন্ন পদক্ষেপ ।

এইক্ষেত্ৰত অসম শক্তি উন্নয়ন সংস্থাই অসমৰ বিভিন্ন ঠাইত কেবাটাও ভাসমান সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিছে । শেহতীয়াকৈ অসম শক্তি উন্নয়ন সংস্থাই লখিমপুৰত অসম চৰকাৰে অমৃত সৰোবৰ প্ৰকল্পৰ অধীনত স্থাপন কৰা পুখুৰীত এই ভাসমান সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিছে । এই প্ৰকল্পৰ সফল ৰূপায়ণৰ পিছত এতিয়া সংস্থাই ৰাজ্যত অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগে নিৰ্মাণ কৰা অমৃত সৰোবৰত অৰ্থাৎ পুখুৰীবোৰত ভাসমান সৌৰ শক্তি প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে । এই প্ৰসংগত সংস্থাৰ ছিনিয়ৰ চায়েণ্টিফিক অফিচাৰ হেমাংগ ডেকাই কয়- "ইতিমধ্যে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে । এইক্ষেত্ৰত এতিয়ালৈকে চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই ।"

কি এই ভাসমান সৌৰ শক্তি প্ৰকল্প:

এই সন্দৰ্ভত হেমাংগ ডেকাই কয়- "এই প্ৰকল্পত ব্যৱহাৰ কৰা সৌৰ পেনেলবোৰ পুখুৰীৰ পানীত স্থাপন কৰা হয় । এইবোৰ পানীত উপঙি থকা অৱস্থাত বিশেষধৰণে স্থাপন কৰা হয় । ইয়াত বেটাৰী সংযোগ কৰা হয় । ইয়াৰ জৰিয়তে উৎপাদিত সৌৰ বিদ্যুৎ পুখুৰীত স্থাপন কৰা Aerator system ৰ লগতে পুখুৰীৰ চৌপাশে স্থাপন কৰা বিজুলী বাতি আৰু অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । Aerator system ৰ জড়িয়তে পুখুৰীত মাছৰ বাবে অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰি মাছৰ উৎপাদন বৃদ্ধি কৰা হয় । ইতিমধ্যে এই প্ৰকল্প কেবাঠাইত স্থাপন কৰি সফল ৰূপায়ন কৰা হৈছে । উদাহৰণ স্বৰূপে দুই বিঘা মাটিৰ পুখুৰীত এই প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত প্ৰায় ১৫ লাখ টকা খৰচ হয় ।"

অসমৰ ক'ত ক'ত আছে এই প্ৰকল্প (ETV Bharat Assam)

অসমৰ ক'ত ক'ত আছে এই প্ৰকল্প:

হেমাংগ ডেকাই জনোৱা অনুসৰি ২০১৯ চনৰ ভিতৰত অসমৰ ৯ টা স্থানত এই ভাসমান সৌৰ শক্তি প্ৰকল্প স্থাপন সম্পূৰ্ণ কৰা হৈছে । বৰপেটা হাউলী ৰোডৰ নগৰজাৰত থকা কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত , হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত, বঙাইগাঁৱৰ ডাইকাপাৰাত , কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কলং কপিলি এ জি অ'ৰ মুখ্য কাৰ্যালয় চৌহদত, কামৰূপ জিলাৰ ৰঙিয়াৰ গোসাইগাঁৱত, ধুবুৰীৰ হেলাবাৰী গাঁৱত, বিশ্বনাথ জিলাৰ জকাপাৰা গাঁৱত, মৰিগাঁৱৰ জহাৰগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত আৰু নগাঁৱৰ কলিয়াবৰত ভাসমান সৌৰ প্ৰকল্প স্থাপন কৰা হৈছে । এই ভাসমান সৌৰ প্ৰকল্পবোৰ আটাইবোৰ ১০ কিলোৱাটৰ । প্ৰতিটো প্ৰকল্পই দৈনিক ৩০ ইউনিট বিদ্যুৎ উৎপাদন কৰে । হেমাংগ ডেকাই কয়- "চলিত বছৰৰ চাৰি মাৰ্চত লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ অমৃত পুখুৰীত ভাসমান সৌৰ প্ৰকল্প স্থাপন কৰা হৈছে । এই প্ৰকল্পটোৰ জৰিয়তে পুখুৰীটোৰ চৌপাশে আঠটা বিজুলী বাতি আৰু ০.৫ horse power ৰ Aerator system স্থাপন কৰা হৈছে । এতিয়ালৈকে এই প্ৰকল্পটোৰ জৰিয়তে ৭২৮০ ইউনিট ( Kwh) বিদ্যুৎ শক্তি উৎপাদন কৰা হৈছে ।"

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details