অসম

assam

ETV Bharat / state

অগ্নিগৰ্ভা মণিপুৰৰ জিৰিবাম আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ বৈঠক - Assam Manipur Border Situation

Assam Manipur Border Situation : গোষ্ঠী সংঘৰ্ষত পুনৰ উত্তপ্ত চুবুৰীয়া মণিপুৰ ৰাজ্যৰ জিৰিবাম জিলা । জিৰিবামৰ শেহতীয়া পৰিস্থিতিক লৈ অসমৰ কাছাৰ আৰু জিৰিবাম জিলাৰ এছ পিৰ গুৰুত্বপূৰ্ণ বৈঠক । সীমান্ত অঞ্চলত শান্তি-শৃংখলা বজাই ৰখাৰ লক্ষ্যৰে দুই ৰাজ্যৰ এছ পি দুগৰাকীৰ মাজত শনিবাৰে পুৱতি নিশা অনুষ্ঠিত হয় এই বৈঠক ।

Assam Manipur Border Situation
জিৰিবাম আৰু কাছাৰ এছ পিৰ আলোচনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 7:05 AM IST

শিলচৰ, ১৫ জুন :গোষ্ঠী সংঘৰ্ষত পুনৰ উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰ ৰাজ্য । মণিপুৰৰ জিৰিবাম জিলাত বিগত কেইদিনমান ধৰি চলি থকা গোষ্ঠী সংঘৰ্ষৰ বাবে জিলাখনত এক অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে । ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলাখনত এতিয়াও কাৰ্ফিউ বলৱৎ আছে ।

অসম মণিপুৰ সীমান্তত দুই এছ পিৰ বৈঠক (ETV Bharat Assam)

আনহাতে, ইতিমধ্যে জিৰিবামৰ পৰা আহি শতাধিক মণিপুৰৰ বাসিন্দাই কাছাৰৰ ভূমিত আশ্ৰয় লৈছে । ইফালে কাছাৰৰ সীমান্তত থকা মণিপুৰৰ জিৰিবাম জিলা উত্তপ্ত হৈ থকাৰ বাবে সীমান্ত অঞ্চলত যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ আৰক্ষীৰ দল । জিৰিবামৰ সংঘৰ্ষই যাতে কাছাৰৰ সীমান্ত অঞ্চলত কোনো প্ৰভাৱ নেপেলায়, তাৰ বাবে প্ৰতিদিনেই সীমান্ত অঞ্চলত টহল দি আছে কাছাৰ আৰক্ষীৰ দলে ।

জিৰিবাম আৰু কাছাৰৰ সীমান্ত অঞ্চলত যাতে শান্তি-শৃংখলা অটুট থাকে, গোষ্ঠী সংঘৰ্ষৰ প্ৰভাৱ যাতে সীমান্ত অঞ্চলত নপৰে তাৰ বাবে নিশা দুই ৰাজ্যৰ সীমান্তত জিৰিবাম এছ পি এম প্ৰদীপ সিংহ আৰু কাছাৰৰ এছ পি নোমাল মাহাত্তাৰ মাজত এক বিশেষ বৈঠক অনুষ্ঠিত হয় । সীমান্তৰ জিৰিঘাটত দুই এছ পিৰ মাজত অনুষ্ঠিত হয় এই বিশেষ বৈঠক ।

দুই ৰাজ্যৰ সীমান্তত থকা ৰাইজৰ মাজত যাতে গোষ্ঠীৰ সংঘৰ্ষৰ প্ৰভাৱ নপৰে, সীমান্ত অঞ্চলত শান্তি-শৃংখলা বৰ্তাই থকাৰ লক্ষ্যৰে দীৰ্ঘ সময় দুই এছ পিৰ মাজত আলাপ-আলোচনা হয় । বৈঠকৰ সময়ত জিৰিবামৰ এছ পি এম প্ৰদীপ সিংহৰ লগত ফোন যোগেবাৰ্তালাপ কৰি জিৰিবামৰ পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

বৈঠকৰ শেষত জিৰিবামৰ এছ পি এম প্ৰদীপ সিংহই অসম আৰক্ষীসহ অসমৰ ডি জি পিক ধন্যবাদ জ্ঞাপন কৰে । অসম আৰক্ষীয়ে জিৰিবামৰ এই উত্তপ্ত পৰিস্থিতিৰ মাজতে সীমান্ত অঞ্চলত যিধৰণে সহায়-সহযোগিতা কৰি আছে, তাৰ বাবে তেওঁ অসম আৰক্ষীক ধন্যবাদ জনায় । অসম আৰক্ষীৰ এনে সহায়-সহযোগিতাই মণিপুৰ আৰক্ষীক প্ৰেৰণা যোগাব বুলি জিৰিবামৰ এছ পিগৰাকীয়ে কয় ।

ইপিনে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয় যে জিৰিবামৰ শেহতীয়া পৰিস্থিতিৰ পাচত সীমান্তত যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ আৰক্ষীৰ দল । মণিপুৰৰ জিৰিবামৰ গোষ্ঠী সংঘৰ্ষৰ প্ৰভাৱ কাছাৰৰ সীমান্ত অঞ্চলত যাতে নপৰে তাৰ বাবে কাছাৰ আৰক্ষী যথেষ্ট সক্ৰিয় হৈ আছে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

লগতে পঢ়ক :মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur conflicts

ABOUT THE AUTHOR

...view details