তিনিচুকীয়া, 13 জুলাই:ডুমডুমাৰগান্ধীমূৰ্তি বিতৰ্ক সন্দৰ্ভতঅৱশেষত প্ৰশাসনে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ ভূমিকা ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ মাজমজিয়াৰ গান্ধী চ’কত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো উক্ত স্থানৰ পৰা আঁতৰোৱাক লৈ বিগত কিছুদিন ধৰি একাংশ দল-সংগঠনে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্ত স্বপ্নীল পালে শনিবাৰে এই সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰিছে ।
এক প্ৰেছ বিজ্ঞপ্তিযোগে জিলা আয়ুক্তগৰাকীয়ে কয়, "ডুমডুমাত 1958 চনতে নিৰ্মিত 5 ফুট 8 ইঞ্চি উচ্চতাৰ গান্ধীজীৰ প্ৰতিমূৰ্তিটো নষ্ট হ'বলৈ ধৰাত উক্ত স্থানতে তাতোকৈ অলপ ডাঙৰ 7 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তিসহ এটা ক্ল’ক টাৱাৰ নিৰ্মাণৰ বাবে পৌৰসভাই বিগত 15 ফেব্ৰুৱাৰীৰ দিনা এখন বৈঠকযোগে সিদ্ধান্ত গ্ৰহণ কৰে । চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ পৰা লাভ কৰা পুঁজিৰে হাতত লোৱা এই নতুন আঁচনিখনৰ যোৱা 7 মাৰ্চত স্থানীয় যথেষ্টসংখ্যক লোকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয় । সেইদিনা এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাখনতো ৰাইজে এই আচঁনিখনৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছিল ৷ কোনেও ইয়াৰ প্ৰতিবাদ কৰা নাছিল । সেয়েহে এই আচঁনিখনৰ কাম আৰম্ভ কৰা হয় আৰু যোৱা 5 জুলাইত মহাত্মা গান্ধীৰ পুৰণি মূৰ্তিটো কোনো বাধা অবিহনে স-সন্মানে উক্ত স্থানৰ পৰা আঁতৰাই পৌৰসভাৰ নিজৰ কাৰ্যালয়ত সুৰক্ষিত অৱস্থাত ৰখা হৈছে ।"
জিলা আয়ুক্তগৰাকীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে প্ৰতিমূৰ্তিটো স্থানান্তৰৰ সময়তো ৰাইজৰ ফালৰ পৰা কোনেও প্ৰতিবাদ কৰা আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল ৷ আঁচনিখনৰ কাম সম্পূৰ্ণ হ’লে উক্ত স্থানত ক্ল’ক টাৱাৰসহ 7 ফুট উচ্চতাৰ নতুন গান্ধীমূৰ্তি এটা স্থাপন কৰা হ'ব ।