গোলাঘাট, 28 জুন: বন বিভাগৰ ছত্ৰছায়াত একাংশ দুষ্ট চক্ৰই বন ধ্বংস যজ্ঞ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ গোলাঘাটত সংঘটিত হৈছে এই ঘটনা ৷ গছ কটাৰ প্ৰতিযোগিতাত একাংশ চৰকাৰী বিভাগ নামি পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠনে ।
জানিব পৰা মতে, গোলাঘাটত অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত মূল্যবান সাঁচি গছকে ধৰি কেবাজোপা গছ কাটি তহিলং কৰিছে বিভাগীয় কৰ্তৃপক্ষই । বন বিভাগৰ অনুমতি নোলাৱাকৈয়ে চৰকাৰী কাৰ্যালয় চৌহদত থকা মূল্যবান গছ কাটি তহিলং কৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে নিশাৰ ভাগত গোলাঘাটৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয়ৰ চৌহদত থকা দুডাল মূল্যবান সাঁচি গছৰ লগতে আন কেইবাজোপা গছ কাটি তহিলং কৰিছে বিভাগটোৱে ।
লগতে পঢ়ক:উন্নয়নৰ বেদীত প্রাণাহুতি দিব মাজুলীৰ সহস্রাধিক বৃক্ষই - Deforestation in Majuli
বন বিভাগৰ কাৰ্যালয়ৰ নাতিদূৰৈতে থকা এই চৰকাৰী কাৰ্যালয়টোত থকা বহু মূল্যবান গছ কাটি পেলাইছে বিভাগীয় কৰ্তৃপক্ষই । এই খবৰ লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে গোলাঘাট বন বিভাগৰ বিষয়ববীয়া উক্ত কাৰ্যালয় চৌহদত উপস্থিত হৈ জব্দ কৰে গছসমূহ ।