গোলাঘাট,২৬ জুন:অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা কাৰ্যালয়ৰ অন্তৰ্ভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ । সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ভাগে ভাগে উত্থাপন হৈছে অনিয়মৰ অভিযোগ । প্ৰথমে বৃহৎ অংকৰ ধন লৈ অনা চাহ জনগোষ্ঠীয় লোকক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ বিতৰণ কৰাৰ অভিযোগ চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ বিৰুদ্ধে ৷
২০২২ বৰ্ষত গোলাঘাট বৰপথাৰৰ অনিন্দিতা মণ্ডল নামৰ বেংগলী সম্প্ৰদায়ৰ এগৰাকী যুৱতীক ভূৱা প্ৰমাণপত্ৰ বিতৰণ কৰি চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত চিকিৎসা সেৱা অধ্যয়ন কৰাৰ সুবিধা কৰি দিয়াৰ পাচত তেওঁৰে ভাতৃ হিৰণ্ময় মণ্ডলক MBBS পাঠ্যক্ৰমত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনত নাম ভৰ্তি কৰিবলৈ চাহ জনজাতি সন্মিলনিৰ সভাপতি মুনীন গৌতম চাওৰাই ধনৰ বিনিময়ত চাহ জনজাতিৰ বুলি ভূৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ চাহ জনজাতি ছাত্ৰ সন্থাই ৷
সমগ্ৰ বিষয়টো সন্দৰ্ভত আটছা অৱগত হোৱাৰ পিচত ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষীৰ ওচৰত দাখিল কৰে এখন এজাহাৰ ৷ আটছাৰ অভিযোগ- বৃহৎ চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰি অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি পবিত্ৰ জাল আৰু চাহ জনজাতি জাতীয় সন্মিলনৰ গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাওৰাই অনা চাহ জনগোষ্ঠীৰ লোকক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিছে ৷