জোনাই, 30 জুলাই :ধোঁৱাচাঙত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীল নীতি ৷জোনাইৰ মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
জানিব পৰা মতে, একাংশ ঠিকাদাৰ, পঞ্চায়তৰ বিষয়া-অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়াই মিলি আঁচনিৰ অধীনত অতি নিম্নমানৰ কাম কৰি লাখ লাখ টকা হস্তগত কৰিছে । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, জোনাই খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বাহিৰ জোনাই গাঁও পঞ্চায়তত 2022-23 বিত্তীয় বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত এটা পথ নিৰ্মাণৰ বাবদ প্ৰায় 11 লাখ 55 হাজাৰ ধন আৱণ্টন হৈছিল ।
বেৰাৰ পৰা লালী নদী হৈ হোমা হাউচক সংযোগ কৰা পথটো নিৰ্মাণৰ বাবে এই ধন আৱণ্টন কৰা হৈছিল ৷ কিন্তু নিৰ্মাণকাৰ্যৰ সময়ত অলপো মাটি নেপেলাই মাত্ৰ কেইট্ৰেক্টৰমান শিল-বালি পেলাই আঁচনিখনৰ লাখ লাখ ধন আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে স্থানীয় লোকে ।