সৰুপথাৰ, ২০ আগষ্ট :গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওঘাট অঞ্চলত চি আৰ পি এফে গাড়ীত তালাচী চলোৱাৰ নামত সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে । উত্থপিত অভিযোগ মতে, চুঙাজানৰ তালাচী চকীত চি আৰ পি এফে সাধাৰণ কথাতে ৰাইজক হাৰাশাস্তি কৰি আহিছে । চি আৰ পি এফৰ এই কাৰ্যত ক্ষুব্ধ হৈছে ৰাইজ ।
উত্তপ্ত অসম-নাগালেণ্ড সীমান্ত (ETV Bharat Assam) জি এছ টিৰ কাগজ বিচাৰি হাৰাশাস্তি :
চুঙাজানৰ তালাচী চকীত স্থানীয় ৰাইজে ঘৰুৱা বিভিন্ন সা-সামগ্ৰী অনা-নিয়া কৰোতে গাড়ীৰ নথিপত্ৰৰ উপৰি জি এছ টিৰ কাগজ, টিপিৰ লগতে সীমান্ত দণ্ডাধীশৰ অনুমতি পত্ৰ বিচাৰি বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে । ইয়াৰ প্ৰতিবাদতেই গাড়ী চালকৰ লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
চি আৰ পি এফৰ তালাচী চকীৰ বিৰোধিতা :
ৰাইজে আজি চুঙাজানৰ পৰা চি আৰ পি এফৰ তালাচী চকী উঠাই দিবলৈ দাবী জনাইছে । ৰাইজে অভিযোগ উত্থাপন কৰা মতে, চি আৰ পি এফ বাহিনীয়ে বিভিন্ন সময়ত পক্ষপাতিত্বমূলক আচৰণ কৰি আহিছে । অনাগত দিনত চি আৰ পি এফে এনেধৰণৰ কৰ্মকাণ্ড কৰিলে ৰাইজে জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে । মঙলবাৰে নাওঘাটৰ উক্ত তালাচী চকীৰ ওচৰত বহু সংখ্যক বলেৰ',পিক আপ ভান আৰু গাড়ীৰ চালকসকলে স্থানীয় দল-সংগঠনৰ লগ হৈ চি আৰ পি এফ বাহিনীৰ উচ্চপদস্থ বিষয়াৰ লগত আলোচনা কৰে । এই গেটত থকা চি আৰ পি এফৰ লোকে কৰা বিভিন্ন হাৰাশাস্তিৰ বিষয়ে অৱগত কৰে ।
নগাৰ আগ্ৰাসন অব্য়াহত :
উল্লেখ্য যে শনিবাৰৰ পৰাই অব্যাহত আছে সীমান্তৰ সমস্যা তথা নগাৰ আগ্ৰাসন । উৰিয়ামঘাটত নগাৰ পেট্ৰ'ল পাম্প আৰু আনফালে চুঙাজানৰ গেটত অসমীয়া লোকসকলে সন্মুখীন হৈ অহা সমস্য়া সমাধানৰ দাবীত বিভিন্ন দল-সংগঠনে আজি প্ৰতিবাদ সাব্য়স্ত কৰে ।