পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ শিলচৰ, 28 ফেব্ৰুৱাৰী : কাছাৰৰ ধলাই পানীভৰা পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনৰ বিনিময়ত বিত্তৱান আৰু পকীঘৰ থকা পৰিয়ালক আচঁনি প্ৰদানৰ অভিযোগ ৷
দেশৰ দৰিদ্ৰ জনতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰপায়ণ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ৷ সেই অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত দৰিদ্ৰ লোকৰ বাবে গৃহ নিৰ্মাণৰ কাম ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ৷ এইক্ষেত্ৰত যাতে কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নহয়, তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধিয়ে চলাই গৈছে অবাধ দুৰ্নীতি ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত, দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আৱাস গৃহৰ নামত এচামে দুৰ্নীতি সংঘটিত কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দৰিদ্ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰৈছে ৷
ফলত ঠায়ে ঠায়ে প্ৰহসনত পৰিণত হৈছে চৰকাৰৰ অভিলাষী এই আঁচনি ৷ কাৰণ পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে বিচৰা ধৰণে উৎকোচ নাপালে চৰকাৰী গৃহ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ সেয়েহে ভাল ঘৰৰ অভাৱত এতিয়া ৰ’দ-বৰষুণ-ধুমুহাৰ সৈতে যুঁজি দৰিদ্ৰ পৰিয়ালে কটাইছে দুৰ্বিসহ জীৱন ৷ এইবাৰ এনে অভিযোগ উত্থাপন হৈছে কাছাৰৰ ধলাইৰ পানীভৰা পঞ্চায়তৰ বিৰুদ্ধে ৷ পঞ্চায়তটোৰ চাৰি আৰু পাঁচ নং ৱাৰ্ডৰ ৰাইজৰ অভিযোগ- প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনৰ বিনিময়ত একাংশ বিত্তৱান আৰু পকীঘৰ থকা লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) গৃহ প্ৰদান কৰিছে পঞ্চায়ত সভানেত্ৰীয়ে ৷ আনকি দুখীয়াক ঘৰ প্ৰদান নকৰি পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে নিজৰ আত্মীয়ক এই সুবিধা দিয়া বুলিও অভিযোগ কৰিছে ৰাইজে ৷ ফলত পঞ্চায়তটোৰ কেইবাটাও দৰিদ্ৰ পৰিয়াল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত হৈ বাস কৰিবলগীয়া হৈছে ভঙা ঘৰৰ চালিৰ তলত ৷
কেৱল প্ৰধানমন্ত্ৰী আৱাস যোজনাই নহয়, অৰুণোদয় আচঁনিসহ বিভিন্ন চৰকাৰী উন্নয়ন মূলক আঁচনি ৰূপায়ণত পঞ্চায়ত সভানেত্ৰী কবিতা দাসে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে পঞ্চায়তটোৰ ৰাইজে ৷ এতিয়া শীঘ্ৰেই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে বঞ্চিত লোক সকলে, অন্যথা ভোট বৰ্জনৰ হুংকাৰ পঞ্চায়তটোৰ কেইবা শতাধিক ৰাইজৰ ৷
লগতে পঢ়ক :বৰপেটা চিভিল হাস্পতালত ছিণ্ডিকেটৰাজৰ অভিযোগ