জোনাই, ২৫ ছেপ্টেম্বৰ : অব্যাহত আছে অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণৰ অভিযোগ ৷ এইবাৰ অভিযোগ উত্থাপিত হৈছে অসমৰ গাড়ী চালকক প্ৰাণে মৰা চেষ্টা চলোৱাৰ ৷
কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ দাপৰিজোত দুজনকৈ অসমৰ গাড়ী চালকক হত্যা কৰাৰ ঘটনা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ তেনে সময়তে পুনৰ অৰুণাচল প্ৰদেশৰ ল'ৱাৰ দিবাং ভেলীৰ দাম্বুকত ২৩ ছেপ্টেম্বৰত অসমৰ গাড়ী চালকক অৰুণাচলৰ এদল দুৰ্বৃত্তই প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ অনুসৰি দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে চোকা অস্ত্ৰ লৈ খেদি আহি চালকগৰাকীৰ পৰা ধন দাবী কৰে ৷ তদুপৰি চালকগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে আঘাত কৰি গাড়ীৰ চাবিৰ লগতে জেপত থকা সকলো ধন দুৰ্বৃত্তই কাঢ়ি লৈ যায় ৷ ইফালে প্ৰাণৰ মমতাত চালকগৰাকীয়ে জেপত থকা সকলো ধন দি কোনোমতে প্ৰাণৰক্ষা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশৰ একাংশ দুৰ্বৃত্তই অসমৰ চালকসকলক বিভিন্নধৰণেৰে দাবী-ধমকি দি ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল ৷ ধন নিদিলে গাড়ীৰ চকা, আইনা আদি ভাঙি দিয়াৰ ঘটনাও সংঘটিত কৰাৰ অভিযোগ আছে অৰুণাচলীৰ বিৰুদ্ধে ।