অসম

assam

মহানগৰীৰ ডি বি ষ্টক কনছালটেন্সীয়ে গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ - investment in stock market

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:22 PM IST

DB Stock Consultancy case : ষ্টক একচেঞ্জত বিনিয়োগ কৰোতে আপুনিও সাৱধান হওক । যিকোনো উৎসত ধন বিনিয়োগৰ পূৰ্বে এশবাৰ চিন্তা কৰক । নহ'লে হেৰুৱাব পাৰে আপোনাৰ সঞ্চিত জমাধন । শেহতীয়াভাৱে তেনে এক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত । যাৰ বাবে একাংশ ভুক্তভোগী এতিয়া আৰক্ষীৰ ওচৰ চাপিছে ।

DB Stock Consultancy Case
মহানগৰীৰ ডি বি ষ্টক কনছাল্টেন্সীয়ে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ (ETV Bharat Assam)

গুৱাহাটী, ২১ আগষ্ট : ষ্টক একচেঞ্জত ধন বিনিয়োগ কৰিবলৈ যাওঁতে সাৱধান হওক । নহ'লে সর্বস্বান্ত হ'ব পাৰে আপুনিও । তেনে ধৰণৰ এক ঘটনা এটা সংঘটিত হৈছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত । ধন দুগুণ কৰি দিয়াৰ প্ৰলোভেনে মহানগৰীৰ উলুবাৰীত থকা ডি বি ষ্টক কনছালটেন্সীয়ে গ্ৰাহকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে ।

মহানগৰীৰ ডি বি ষ্টক কনছাল্টেন্সীয়ে গ্ৰাহকৰ ধন আত্মসাতৰ অভিযোগ (ETV Bharat Assam)

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ উলুবাৰীত বিগত তিনি বছৰ ধৰি ডি বি ষ্টক কনছালটেন্সী নামৰ এক বিত্তীয় প্রতিষ্ঠান খুলি সমগ্র ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছে । সর্বসাধাৰণ নাগৰিকক তেওঁৰ প্ৰতিষ্ঠানত ধন জমা ৰাখিলে এমাহত ৭ শতাংশ, দুই মাহত ১৪ শতাংশ, ছয় মাহত ৫১ শতাংশ আৰু এবছৰত ১২০ শতাংশ লাভেৰে ধন দিয়াৰ প্রলোভন দিছিল বিত্তীয় প্ৰতিষ্ঠানটোৱে ।

এই প্রলোভনত পৰি বহু লোকে ডি বি ষ্টক কনছালটেন্সীত ধন বিনিয়োগ কৰে । পৰৱৰ্তী সময়ত তাৰে একাংশ বিনিয়োগকাৰীয়ে ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকা লাভ কৰে । প্ৰাৰম্ভিক অৱস্থাত দীপাংকৰ বৰ্মনে প্রতিশ্রুতি অনুসৰি গ্রাহকক ধন আদায় দিছিল । কিন্তু ডি বি ষ্টক কনছালটেন্সীৰ মালিক দীপাংকৰে প্রতিষ্ঠানটোৰ জৰিয়তে ব্যাপক লুণ্ঠন চলাই এতিয়া অসম এৰি পলায়ন কৰা বুলি চর্চা চলিছে ।

তাৰে এগৰাকী ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ কৰি কয়, "ডি বি ষ্টক কনছালটেন্সীৰ জৰিয়তে গুৱাহাটীত কোটি কোটি টকাৰ মালিক হৈ পৰে দীপাংকৰ বৰ্মন । এতিয়া গ্ৰাহকৰ ধন আত্মসাৎ কৰি বহিঃৰাজ্যত আত্মগোপন কৰিছে দীপাংকৰ বৰ্মনে । বহিঃৰাজ্যত গঢ়ি তুলিছে সম্পত্তিৰ পাহাৰ ।"

আনহাতে, বিগত তিনিদিন ধৰি কাৰ্যালয়টো বন্ধ হৈ থকাত বিনিয়োগকাৰীসকলে ডি বি ষ্টক কনছালটেন্সীৰ মেনেজাৰ তথা দীপাংকৰৰ প্ৰেয়সীক হাৰাশাস্তি কৰাত মঙলবাৰে নিশা লতাশিল থানাত তেওঁ আত্মসমৰ্পণ কৰে ।

এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত কয়, "যোৱাকালি নিশা এগৰাকী মহিলা লতাশিল থানালৈ আৰক্ষীৰ ওচৰত নিৰাপত্তা বিচাৰি আহিছিল । বহু মানুহে তেওঁক ঘৰত গৈ হাৰাশাস্তি কৰাৰ বাবে তেওঁ নিৰাপত্তা বিচাৰি আহিছিল । আমি তেখেতক নিৰাপদ স্থানলৈ নিয়াৰ পিছতো থানালৈ বহুত মানুহ আহিছিল । তেওঁলোকে ষ্টক একচেঞ্জত বিনিয়োগ কৰে বুলি দাবী কৰিছিল ।"

আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয়, "তেওঁলোকে বহুতৰ পৰা ধন সংগ্ৰহ কৰিছিল । যোৱা ৩ দিনৰ পৰা কাৰ্যালয়টো বন্ধ দেখি সকলো চিন্তিত হয় । এই বিষয়ক লৈ গুৱাহাটী আৰক্ষীৰ ওচৰত কোনেও এতিয়ালৈকে অভিযোগ দিয়া নাই । অভিযোগ দাখিল কৰিলে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম ।"

লগতে ধন বিনিয়োগৰ ক্ষেত্ৰত তেওঁৰ ৰাইজলৈ আহ্বান, "অনলাইনৰ জৰিয়তে ধন বিনিয়োগ কৰোতে সাৱধান হ'ব । যিকোনো এপৰ জৰিয়তে ধন বিনিয়োগ কৰোতে সাৱধান হোৱাটো প্ৰয়োজন । ইয়াৰ দ্বাৰা বহুতে সৰ্বস্বান্ত হৈছে । এই কাম কৰোতে বিশ্বাসযোগ্য মাধ্যমৰ জৰিয়তেহে কৰিব ।"

লগতে পঢ়ক :অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ ক্ষেত্ৰত হ’ব অতিৰিক্ত পৰীক্ষা - Himanta Biswa Sarma
লগতে পঢ়ক :গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ ল'লে ড০ ননীগোপাল মহন্তই - VC of Gauhati University

ABOUT THE AUTHOR

...view details