অসম

assam

ETV Bharat / state

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আমৰণ অনশন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ

ব'হাগৰ পূৰ্বে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ । চৰকাৰক চূড়ান্ত সকীয়নি চুতীয়া ছাত্র সন্থাৰ ।

Chutia Students Union protest in Golaghat
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 8:45 AM IST

গোলাঘাট: চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্তশাসন প্ৰদান কৰাৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ নকৰাত গোলাঘাটত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে আমৰণ অনশন কাৰ্যসূচী । মঙলবাৰে দ্বিতীয় দিনত পদাৰ্পণ কৰিলে এই ছাত্ৰ সংগঠনটোৰ আমৰণ অনশন কাৰ্যসূচীয়ে ।

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰাৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীত সোমবাৰৰ পৰা গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে ।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

উক্ত আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰাই কয়, "চুতীয়া জনগোষ্ঠীক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে প্ৰতাৰণা কৰিছে আৰু এই প্ৰতাৰণাৰ ওৰ পেলাবলৈ আমি গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাই আমৰণ অনশনত বহিছো । চুতীয়া জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । স্বায়ত্তশাসন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ লগতে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে । "

২০২৬ৰ বিধানসভা নিৰ্বাচনত দিব প্ৰত্য়ুত্তৰ :

আগন্তুক ব'হাগ মাহৰ ভিতৰত চুতীয়া জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিব লাগিব বুলি তেওঁ চৰকাৰক সকীযাই দিয়ে । যদি এই দাবী পূৰণ নকৰে তেন্তে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ চুতীয়া বসতিপ্ৰধান অঞ্চলত বিজেপি দলক পৰাভূত কৰিবলৈ চুতীয়া জনগোষ্ঠী ৰাইজক একত্ৰিত কৰিব বুলিও তেওঁ হুংকাৰ দিয়ে ।

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া মধুমাধৱ বৰাই কয়, "জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ আৰু যিকোনো মূল্যৰ বিনিময়ত আমি এই অধিকাৰ কাঢ়ি আনিব লাগিব । চুতীয়া জনগোষ্ঠীয়ে অসমত যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ পৰিবেশ চৰকাৰে সৃষ্টি কৰিব লাগে । চুতীয়া জনগোষ্ঠীৰ নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি জীয়াই থকাৰ সুবিধা প্ৰদান কৰিব লাগে । "

তেওঁ পুনৰ কয়, "আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো, কিন্তু আমাক কোনোধৰণৰ সঁহাৰি জনোৱা নাই । গতিকে ইয়াৰ পৰা দিল্লী আৰু দিছপুৰ চৰকাৰক আহ্বান জনালো সময় থাকোতে তেওঁলোকে আমাৰ অহিংস আৰু গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজাবলৈ চেষ্টা কৰক, নহ'লে পৰৱৰ্তী সময়ত হিংসাত্মক আন্দোলন গঢ়ি উঠিব ।"

প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ অৱনতি:

উল্লেখ্য যে আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ ভিতৰত কেইবাজনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি কয় গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা অহা স্বাস্থ্যকৰ্মীসকলে । কালি এই আমৰণ অনশনস্থলীত এই স্বাস্থ্যকৰ্মীৰ দলটোৱে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰে ।

লগতে পঢ়ক:জনজাতিকৰণৰ বাবে তেজ দিবলৈ সাজু চুতীয়া জাতি: ধেমাজিত চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ

চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য় - Chutia Students Union protest

ABOUT THE AUTHOR

...view details