অসম

assam

কংগ্ৰেছী বিধায়কৰ বিষয়ে ৰাহুল গান্ধীক বেয়াকৈ কৈছিল অখিল গগৈয়ে: সদনত বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:37 PM IST

CM hits back Akhil: অসমত ৰাহুল গান্ধীৰ যাত্ৰাত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ ! গহপুৰত অখিল গগৈয়ে কি কৈছিল ৰাহুলক ? বিধানসভাত সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

Akhil Gogoi targets CM
Assam Assembly budget session

সদনত হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: ৰাহুল গান্ধীৰ যোৱা জানুৱাৰী মাহৰ ৮ দিনীয়া অসম ভ্ৰমণৰ সময় চোৱাত কংগ্ৰছেৰ অন্তৰ্ভাগত কি ঘটিছিল প্ৰতিটো কথাৰেই যেন গোপন খবৰ ৰাখিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে বিধানসভাত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্যত সেয়া স্পষ্ট হৈ পৰে । ‘‘অখিল গগৈৰ বাবেই অসমলৈ আহি ৰাহুল গান্ধীয়ে গালি পাৰি থৈ গ'ল কংগ্ৰেছৰ বিধায়কসকলক ।’’ বিধান সভাৰ মজিয়াত নিজৰ ভাষণৰ মাজতেই বিধায়ক অখিল গগৈক হাতযোৰ কৰি বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

আজি চলিত অসম বিধান সভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিন । সদনত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ । মিছন বসুন্ধৰা প্ৰসংগত আজি মুখমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক দীঘলীয়া ভাষণ আগবঢ়ায় বিধানসভাৰ মজিয়াত । এই ভাষণৰ মাজতে অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ পৰস্পৰৰ প্ৰতি আক্ৰমণাত্মক হৈ উঠে ৷ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজে মাজে অখিল গগৈয়ে উভতি ধৰি কেইবাটাও প্ৰশ্ন আৰু টিপ্পনি কৰে ৷

তাতেই ক্ষুণ্ণ হৈ উঠে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আক্ৰমণাত্মক হৈ পৰে অখিল গগৈৰ প্ৰতি ৷ মিঞাসকল অসমৰ খিলঞ্জীয়া নহয়, তেওঁলোকক মিছন বসুন্ধৰাই সামৰি নলয় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

অখিল গগৈয়ে লগে লগে মুখ্যমন্ত্ৰীক সোধে যে শিৱসাগৰৰ গৰীয়া-মৰীয়া সকলে বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা পাবনে নাই ? তাৰ পিচতেই অখিল গগৈয়ে শিৱসাগৰত এটা কয় আৰু বিধানসভাৰ মজিয়াত এটা কয় বুলি মুখ্যমন্ত্ৰীয়ে উভতি ধৰে ৷

মুখ্যমন্ত্ৰীয়ে বিধায়ক অখিল গগৈক কটাক্ষ কৰি কয় যে অখিল গগৈ এজন মহান ব্যক্তি ৷ মুখ্যমন্ত্ৰী এজনে কথা কৈ থাকোতে এনেদৰে কোনোবা উঠিলে এইখন সদন হৈ নাথাকিব ৷ সদন গুচি চি পি আই এম এলৰ মুখ্য কাৰ্যালয় হৈ পৰিব । এইটো কৰিব দিয়া নহ'ব ৷ অখিল গগৈকে উদ্দেশ্য কৰিয়েই মুখ্যমন্ত্ৰীয়ে বিধান সভাৰ অধ্যক্ষক আহ্বান জনায় যে কেৱল এজন মানুহৰ বাবে সদনৰ গৰিমা আৰু পৰম্পৰা যাতে বিঘ্নিত নহয় ৷

সদনত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বহুবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বিধায়ক অখিল গগৈক 'মহান' আখ্যা দি মুখ্যমন্ত্ৰীয়ে আজি এক বিস্ফোৰক মন্তব্য কৰে । শেহতীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত গহপুৰত ৰাহুল গান্ধীক লগ পাওঁতে বোলে বিধায়ক অখিল গগৈয়ে ৰাহুল গান্ধীক ক’লে যে বিধানসভাত কংগ্ৰেছৰ বিধায়কসকলৰো কাম তেওঁহে কৰে । যাৰ ফলত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ বিধান সভাৰ সকলো সদস্যকে বেয়াকৈ গালি শুনাই গ’ল ৷

আজি বিধান সভাৰ মজিয়াত এই দাবী মুখ্যমন্ত্ৰীৰ । নিজৰ হাতত এই বিষয়ত প্ৰমাণ থকা বুলিও দাবী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয় যে ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সবাতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি কৈ গ'ল ।

লগতে পঢ়ক:ইউনিফর্মৰ টকা খাই সাৰি যাব নোৱাৰিব কোনো, মিছন চলাব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details