অসম

assam

ETV Bharat / state

উন্নয়নত নহয়, বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ শীৰ্ষত অসম বুলি কটাক্ষ অখিল গগৈৰ

বিৰোধী দলে একত্ৰিত হৈ নিৰ্বাচন খেলাৰ আশা এতিয়াও এৰা নাই অখিল গগৈয়ে । দলৰ যোগদান সভাত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰকাশ কৰিলে ক্ষোভ ।

Raijor Dal joining programme in Tinsukia
ৰাইজৰ দলৰ যোগদান সভা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

তিনিচুকীয়া:তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমামূৰীয়া বুঢ়ীদিহিং মৌজাৰ বালিজানত শনিবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ এখন যোগদান সভা । সভাত অৰ্ধ শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে । এই যোগদান সভাতেই বিজেপি চৰকাৰৰ লগতে অসম আৰক্ষীৰ বিষয়ে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ।

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে শাসকীয় চৰকাৰক বিভিন্ন প্ৰশ্ন উত্থাপন কৰি সমালোচনা কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক উন্নয়নৰ ক্ষেত্ৰত শীৰ্ষ পাঁচ ৰাজ্যৰ ভিতৰত আগবঢ়াই নিব বুলি কোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়," অসম উন্নয়নৰ ক্ষেত্ৰত নহয়, শিক্ষা গ্ৰহণৰ পৰা বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ শীৰ্ষত । অসম প্ৰসূতিৰ মৃত্যুৰ হাৰত তৃতীয় আৰু শিশুৰ মৃত্যুৰ ক্ষেত্ৰত অসম সপ্তম । এইক্ষেত্ৰতহে অসম আগবঢ়া ।"

ৰাইজৰ দলৰ যোগদান সভা (ETV Bharat Assam)

উন্নয়নৰ ক্ষেত্ৰত অসম আগবঢ়া নাই বুলি মন্তব্য় কৰি বৰ্তমান সময়লৈকে বুঢ়ীদিহিং মৌজাৰ খিলঞ্জীয়া জনসাধাৰণে মাটিৰ ম্যাদী পট্টা নোপোৱাৰ বিষয়টো তেওঁ উত্থাপন কৰে । বুঢ়ীদিহিংবাসী ৰাইজক ২০২৬ চনত ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে প্ৰতিখন গাঁৱতেই উদ্যোগ স্থাপন কৰাৰ কথা আশ্বাস প্ৰদান কৰে অখিল গগৈয়ে । ইফালে, বুঢ়ীদিহিং মৌজাক উন্নয়নৰ ক্ষেত্ৰত এখোজ আগবঢ়াই নিবলৈ চৰকাৰে নিৰ্মাণ কৰা অসম মালা পথত ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালে ক্ষতিপূৰণ দিবলৈ তেওঁ দাবী জনায় । লগতে অসম মালা পথ অতি সোনকালে নিৰ্মাণ কৰিবলৈ দাবী জনালে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।

বিৰোধী দলে একত্ৰিত হৈ নিৰ্বাচন খেলাটো প্ৰয়োজন

আনহাতে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত সকলো বিৰোধী দলে একত্ৰিত হৈ নিৰ্বাচন খেলাটো প্ৰয়োজন বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, "কংগ্ৰেছ দলে অকলে খেলিব নে একেলগে থাকিব সেই সন্দৰ্ভত আলোচনা হোৱা নাই । ৰাজ্যৰ উপ-নিৰ্বাচনত কিন্তু কংগ্ৰেছ দলে আমাক বিশ্বাসঘাতকতা কৰিছে । গতিকে পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনত বিজেপিক পৰাজিত কৰিবলৈ বিৰোধী ঐক্য একত্ৰিত হৈ নিৰ্বাচন খেলিব লাগে আৰু কংগ্ৰেছে প্ৰতাৰণাৰ ৰাজনীতি ত্যাগ কৰিব লাগে । "

আৰক্ষীৰ প্ৰকৃত চৰিত্ৰটো ওলাইছে

সমান্তৰালভাৱে তেওঁ শুকুৰবাৰে গুৱাহাটীত সংঘটিত ঘটনাত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ কয়," এজন ছাত্ৰক কৰা প্ৰহাৰে মাত্ৰ এগৰাকী আৰক্ষী বিষয়াৰ ৰূপ দেখুৱাই নহয়, আৰক্ষী বিভাগটোৰ প্ৰকৃত চৰিত্ৰটোক প্ৰদৰ্শন কৰিছে । যুগে যুগে আমি এনেদৰেই আৰক্ষীৰ পৰা নিৰ্যাতন সহি আহিবলগীয়া হৈছে । " গতিকে সেই আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰি দায়িত্বৰ সামৰণি নামাৰি তেওঁৰ বিৰুদ্ধে হত্য়াৰ চেষ্টা চলোৱাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই অখিল গগৈয়ে ।

লগতে পঢ়ক:অখিল গগৈৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিৱৰ্তন আনিব বিচৰা কথাটো হাস্যকৰ - Akhil Gogoi Slams CM Himanta

২০২৬ত ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে: অখিল গগৈ - Raijor Dal joining programme

ABOUT THE AUTHOR

...view details