নগাঁও, 5 মাৰ্চ: পুনৰ ৰাজ্যত আৰম্ভ হ'ল কা বিৰোধী আন্দোলন । নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ পৰিণত হোৱাৰ পিছত সমগ্ৰ অসম উত্তাল কৰি তুলিছিল বিভিন্ন জাতীয়তাবাদী সংগঠনে । কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ পৰিণত হোৱাৰ পিছতো বলৱৎ হোৱা নাছিল এইখন আইন ।
কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ কা বিৰোধী আন্দোলনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিভিন্ন দল-সংগঠনে । কাৰণ লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলৱৎ কৰাৰ কথা ঘোষণা কৰিছিল খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ইয়াৰ পাছতেই ৰাজ্যত আৰম্ভ হৈছে কা বিৰোধী আন্দোলনৰ ব্যাপক প্ৰস্তুতি ।
মঙলবাৰে নগাঁৱত জাতিধ্বংসী কা ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে কোনো কাৰণতে অসমত কা’ বলৱৎ হ’বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । নগাঁও চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হয় সংগঠনটোৰ নেতা-কৰ্মী ।