অসম

assam

ETV Bharat / state

আছুত কোনো উজনি-নামনি নাই: লুৰীণজ্যোতি গগৈ - AJP President Lurinjyoti Gogoi

AJP President Lurinjyoti Gogoi: আগন্তুক পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদৰ বিশেষ সভা আৰু কৰ্মশালা । কৰ্মশালাৰ অন্তত চুমী বৰা প্ৰসংগত মন্তব্য সভাপতি লুৰীণজ্যোতি গগৈৰ । আছু বিতৰ্কৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতিগৰাকীৰ ।

AJP special meeting and workshop on upcoming elections at Hotel Lily
আছুত কোনো উজনি-নামনি নাই: লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:07 PM IST

গুৱাহাটী,১২ ছেপ্টেম্বৰ: সমাগত পঞ্চায়ত নিৰ্বাচন । লগতে ৰাজ্যত অনুস্থিত হব পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন । যাৰ বাবে এতিয়া সাজু হৈছে উঠিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টী । বিজেপিৰ সমান্তৰালভাৱে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ সৰু ডাঙৰ প্ৰতিটো ৰাজনৈতিক দলৰ । বৃহস্পতিবাৰে মহানগৰীৰ খানাপাৰাস্থিত হোটেল লিলিত অসম জাতীয় পৰিষদৰ মিডিয়া পেনেলিষ্ট, সামাজিক মাধ্যমত দলক কাৰ্যক্ষম কৰিবলৈ অনুস্থিত কৰা হয় এক বিশেষ সভা আৰু কৰ্মশালা ।

আছুত কোনো উজনি-নামনি নাই: লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

সভাত উপস্থিত থাকে সভাপতি লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞাকে আদি কৰি বহুকেইজন নেতা-কৰ্মী । এই সভাৰ অন্তত সভাপতি লুৰীণজ্যোতি গগৈয়ে জনোৱা অনুসৰি কৰ্মশালাত কৰ্মীসকলৰ সৈতে ভিন্ন বিষয়ত লৈ কৰা হয় আলোচনা । সামাজিক মাধ্যমত অধিক পেছাদাৰী মানসিকতাৰে কাম কৰিবলৈ চিন্তা-চৰ্চা কৰা হৈছে । জাতীয়তাবোধ থকা মানুহৰ পৰা এই সন্দৰ্ভত পৰামৰ্শ ল'ব এজেপিয়ে ।

চুমী বৰা প্ৰসংগত মন্তব্য:

আনহাতে চুমী বৰা প্ৰসংগত সভাপতিগৰাকীয়ে কয়,"চুমী সন্দৰ্ভত চৰকাৰৰ ভূমিকা অতি পুতৌজনক । এইক্ষেত্ৰত আৰক্ষী বা চৰকাৰ প্ৰশাসনৰ কাৰ্যদক্ষতা বা কাৰ্যক্ষমতা নাই । অপৰাধী এটা সপ্তাহ অসমত থকাৰ পিছতো ধৰিব নোৱৰাটো লাজৰ কথা । মুখ্যমন্ত্ৰীৰ দুৰ্নীতি, ধৰ্ষণকাৰী আদিকে ধৰি বহু কথা তল পেলাই ৰাখিবলৈ এই ইছ্যুটো জীয়াই ৰাখিছে চৰকাৰে । মুখ্যমন্ত্ৰীৰ নাকৰ তলেৰে অপৰাধী ঘূৰি ফুৰিলে, কিন্তু আৰক্ষীয়ে নাজানিলে ।" ৰাজনৈতিক ব্যক্তি জড়িত থকা, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, পত্নীৰ সম্পৰ্কৰ বাবেই ঢিলাই দিয়া হৈছে বুলিও মন্তব্য কৰে গগৈয়ে ।

আছুৰ শেহতীয়া বিতৰ্ক সন্দৰ্ভত:

ইফালে আছুৰ শেহতীয়া বিতৰ্ক সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয়,"আছুত কোনো উজনি-নামনি নাই, জাতীয় চেতনা নথকা লোকে এনে কথা চিন্তা কৰে । মানুহৰ মাজত বিশ্বাসযোগ্যতা ঘূৰাই আনিবলৈ ব্যৱস্থা লওক নেতৃত্বই । সমগ্ৰ বিষয়টোত সত্য আৰু ন্যায় প্ৰতিষ্ঠা হওক । আজি শংকৰজ্যোতি বৰুৱাই অব্যাহতি লৈছে । মই ভাবো তেখেতে অনাগত সময়ত অসমীয়া ৰাইজৰ বাবে ভাল ভাল কাম কৰি যাওক ।" ছাত্ৰ সন্থাৰ কোনো নেতাই যাতে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বিজেপিৰ পক্ষ লোৱা বুলি ৰাইজে ক'ব নোৱাৰে তাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক:শিলসাঁকোৰ ভূমি গতোৱা হ‘ব নেকি অমিত শ্বাহৰ পুতেকক-শুনক লুৰীণজ্যোতিৰ মুখেৰে - Lok sabha Election 2024

একত্ৰিত হ’ব ৰাইজৰ দল-অসম জাতীয় পৰিষদ ! ৰাইজৰ দলৰ আনুষ্ঠানিক প্ৰস্তাৱ - Akhil Gogoi on Marging Proposal

ABOUT THE AUTHOR

...view details