অসম

assam

ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে অসমৰ পৰা চি এ এ বাতিলৰ দাবী লুৰীণজ্যোতি গগৈৰ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ৰ পিছত অসমৰ পৰা চি এ এ বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Lurinjyoti Gogoi on CAA
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে অসমৰ পৰা চিএএ বাতিলৰ দাবী লুৰীণজ্যোতি গগৈৰ (ETV Bharat)

মৰাণ,১৭ অক্টোবৰ :অসমীয়াৰ হেঁপাহৰ কাতি বিহুৰ দিনটোতে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰে । উচ্চতম ন্যায়ালৰ ৰায় অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ৰ পিছতে অসমৰ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দল-সংগঠনসমূহে এই ৰায়ক আদৰণি জনোৱাৰ লগতে ঐতিহাসিক ৰায়দান হিচাপে বিবেচনা কৰিছে ।

এই ৰায়ক আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও আদৰণী জনাইছে ৷ এই ৰায়ে অসম চুক্তিক ন্যায্যতা প্ৰদান কৰা বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে অসমৰ পৰা চিএএ বাতিলৰ দাবী লুৰীণজ্যোতি গগৈৰ (ETV Bharat)

উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ লুৰীণজ্যোতিৰ প্ৰতিক্ৰিয়া :

"১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ।" উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠৰ এই ঐতিহাসিক ৰায়দানৰ প্ৰতিক্ৰিয়াস্বৰূপে লুৰীণজ্যোতি গগৈয়ে কয়, "উচ্চতম ন্যায়ালয়ৰ ৰায়ে অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে । সেয়ে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাইছো । অসম চুক্তিত উল্লেখ কৰা হৈছিল ১৯৭১ চনৰ পাছত অহাসকলক চিনাক্ত কৰিব লাগে । গতিকে আজি যিহেতু উচ্চতম ন্যায়ালয়ে ৰায় দিলে এতিয়া ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা অবৈধ নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছো । আছুৰ শপতনামাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে ময়েই স্বাক্ষৰকাৰী আছিলো । ধৰ্মৰ ভিত্তিত অবৈধ নাগৰিকক অসমত সংস্থাপন দিবলৈ বিজেপি চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইন এতিয়া অসমৰ মাটিৰ পৰা বাতিল কৰিব লাগে ।"

লগতে পঢ়ক :'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

ABOUT THE AUTHOR

...view details