অসম

assam

ফেচবুকত বিতৰ্কিত পোষ্ট দি আৰক্ষীৰ জালত এআইইউডিএফ নেতা - Miya Muslims controversy

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 2:21 PM IST

Miya Muslims controversy : সংখ্যালঘু অঞ্চলত কৰ্মৰত মহিলাসকলক উদ্দেশ্যি ভাবুকিপূৰ্ণ পোষ্ট দিছিল নেতাজনে । ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে এআইইউডিএফ নেতা ছিদ্দিকুৰ ৰহমানক ।

Miya Muslims controversy
ফেচবুকত বিতৰ্কিত পোষ্ট দি আৰক্ষীৰ জালত এআইইউডিএফ নেতা (ETV Bharat)

নগাঁও,৩১ আগষ্ট :নগাঁৱৰ ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাৰ পিচৰে পৰা ৰাজ্যখনত ব্যাপক উত্তেজনা অব্যাহত আছে । এটাৰ পিচত আন এটা নতুন বিতৰ্ক আৰম্ভ হৈছে । ইফালে এই ঘটনাক কেন্দ্ৰ কৰিয়ে উজনি অসমত অনা-অসমীয়া আৰু মিঞা মুছলিম বিৰোধী অভিযানো আৰম্ভ হৈছে ।

ফেচবুকত বিতৰ্কিত পোষ্ট দি আৰক্ষীৰ জালত এআইইউডিএফ নেতা (ETV Bharat)
  • মিঞা মুছলিম বিতৰ্ক

৩০ টাকৈ জাতীয় সংগঠনে মিঞা মুছলিমক উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল । যাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ । তাৰ পিচতে মধ্য অসমৰ নগাঁৱৰ জুৰীয়াৰ একাংশ মৎস্য ব্যৱসায়ীয়ে সৃষ্টি কৰিছিল আন এক নতুন বিতৰ্কৰ । মৎস্য উৎপাদন নগাঁৱৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ হাততে থকা বুলি একপ্ৰকাৰ দম্ভালি মাৰি উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ প্ৰদান কৰিছিল ।

অৱশেষত জুৰীয়াৰ আন একাংশ মীন পালকৰ লগতে মৎস্য ব্যৱসায়ীয়ে ৰাজহুৱা সভাৰ আয়োজন কৰি উজনিলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া মাছ ব্যৱসায়ীক গৰিহণা দিয়াৰ লগতে উজনিলৈ মাছ ৰপ্তানি অব্যাহত থকাৰ কথা ঘোষণা কৰে । তাৰ পিচত মিঞাক লৈ গীত ৰচনাৰে বিতৰ্কৰ সৃষ্টি কৰিছিল এজন যুৱকে ।

  • বিতৰ্কিত ফেচবুক পোষ্ট

এইবাৰ মিঞাক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট এজন এআইইউডিএফৰ নেতাৰ । বিতৰ্কিত ফেচবুক পোষ্টটোৰ পিচতে নগাঁৱকে ধৰি সমগ্ৰ অসমত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে । ধিঙৰ এআইইউডিএফ নেতা ছিদ্দিকুৰ ৰহমানে সামাজিক মাধ্যমত কৰা বিতৰ্কিত তথা স্পৰ্শকাতৰ মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । খোদ ধৰ্মীয় সংখ্যলাঘু সম্প্ৰদায়ৰ লোকৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ফেচবুকত বিতৰ্কিত পোষ্ট দি আৰক্ষীৰ জালত এআইইউডিএফ নেতা (Facebook)

একেদৰে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত কৰ্মৰত খিলঞ্জীয়া যুৱতী-মহিলাসকলো শংকিত হৈ পৰিছে । কিয়নো মিঞা এলেকাত কৰ্মৰত খিলঞ্জীয়া যুৱতী-মহিলাক ধৰ্মীয় সংখ্যালঘু এলেকাৰ পৰা লৈ যাবলৈ ফেচবুকৰ মাধ্যমেৰে উজনি অসমৰ ৩০ সংগঠনক আহ্বান জনাইছিল এআইইউডিএফৰ নেতা ছিদ্দিকুৰ ৰহমানে ।

অন্যথা খিলঞ্জীয়া যুৱতী-মহিলা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'লে উজনি অসমৰ ৩০ সংগঠন দায়ী হ'ব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে একপ্ৰকাৰ ভাবুকি প্ৰদান কৰে এআইইউডিএফৰ নেতাজনে ।

  • এআইইউডিএফ নেতাক আটক

এনে ভাবুকিপূৰ্ণ ফেচবুক পোষ্ট দিয়াৰ পিচতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ধৰ্মীয় সংখ্যলাঘু এলেকাত কৰ্মৰত শিক্ষয়িত্ৰীসকলে জীৱন নিৰাপত্তাক লৈ শংকা প্ৰকাশ কৰে । অৱশ্যে নিশাই নগাঁৱৰ বটদ্ৰৱা ৰামপুৰৰ তথা বৰ্তমান ধিং সমষ্টিৰ এআইইউডিএফ নেতা ছিদ্দিকুৰ ৰহমানক বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে ধিং আৰক্ষীক হস্তান্তৰ কৰা এআইইউডিএফ নেতাজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন ইণ্ডিয়ান অইলৰ; ক্ষোভিত জাতীয় সংগঠন - Non Assamese controversy

ABOUT THE AUTHOR

...view details